ETV Bharat / state

গোলাঘাটত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভণি

গোলাঘাটত স্বয়ম আঁচনি উদ্বোধন ৷ উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত স্থানৰ পৰাই বিৰোধী দলক সমালোচনা মন্ত্ৰী গৰাকীৰ ৷

author img

By

Published : Jan 22, 2021, 6:39 PM IST

minister-himanta-biswa-sarma-visit-golaghat
গোলাঘাটত স্বয়ম আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভণি

গোলাঘাট, 22 জানুৱাৰী : এক বিশেষ সম্প্ৰদায়ৰ ভোট লাভৰ বাবেই কংগ্ৰেছ, আইডিএফৰ মাজত মিত্ৰতা হৈছে । কংগ্ৰেছে মৌলবাদী ভোট লাভৰ বাবেই বদৰুদ্দিন আজমলক সম্প্ৰদায়িক মন্তব্য দিবলৈ শিকাইছে । গোলাঘাটত এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । স্বয়ম আঁচনি উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয় এই শুভাৰম্ভণি অনুষ্ঠান । শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, বিধায়ক মৃনাল শইকীয়া, ভবেন ভৰালী আৰু প্ৰাক্তন বিধায়িকা অজন্তা নেওগ ।

minister-himanta-biswa-sarma-visit-golaghat
উদ্বোধনী অনুষ্ঠানৰ দৃশ্য

উল্লেখ্য যে, স্বয়ম আঁচনিৰ জৰিয়তে স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে নৱৰূপত স্বয়ম আঁচনিৰ অধীনত আবেদন পত্ৰ মঞ্জুৰ কৰা সকলক এই অনুষ্ঠানত অনুমোদন পত্ৰ বিতৰণ কৰা হয় ।

লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.