ETV Bharat / state

ধনশিৰিৰ পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - ক'ভিড পৰিস্থিতি

ক'ভিড প্ৰট'কলৰ ক্ষেত্ৰত ধনশিৰি মহকুমা প্ৰশাসনক কঠোৰ হ'বলৈ নিৰ্দেশ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এতিয়াৰে পৰা কোনেও চাৰিআলি চ’কত আড্ডা দিব নোৱাৰিব ৷

Minister Chandra Muhan Patuwary
ধনশিৰি মহকুমা প্ৰশাসনক গুৰুত্বপূৰ্ণ নিৰ্দেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
author img

By

Published : Jul 10, 2021, 1:26 PM IST

সৰুপথাৰ, 10 জুলাই : সৰুপথাৰত শুকুৰবাৰে বিয়লি উদ্যোগ, বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয় । সৰুপথাৰৰ পদুমণিস্থিত দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ধনশিৰি প্ৰশাসন আৰু আৰক্ষীৰ বিষয়াসকলৰ উপস্থিতিত স্বাস্থ্য বিষয়াসকলৰ সৈতে ক'ভিড পৰিস্থিতি সন্দৰ্ভত এখনি বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী । উক্ত সভাত মন্ত্ৰী গৰাকীৰ লগতে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত, মহকুমা আৰক্ষী বিষয়াৰ লগতে মহকুমাটোৰ স্বাস্থ্য বিষয়া আৰু প্ৰশাসনৰ লোকসকল উপস্থিত থাকে ।

সভাত সৰুপথাৰ অঞ্চলত ক'ভিডক ৰোধ কৰাৰ বাবে নতুনকৈ ১৫০ খন বিচনাযুক্ত তিনিটা ক'ভিড কেয়াৰ স্থাপন, ৩০ টা অক্সিজেন চিলিণ্ডাৰ যোগান আৰু ক'ভিড ৰোগীসকলক জৰুৰীভাৱে অনা-নিয়া কৰাৰ বাবে নতুনকৈ ৫ খন এম্বুলেঞ্চ সেৱা দিয়াৰ কথা উল্লেখ কৰে । লগতে মন্ত্ৰীগৰাকীয়ে ধনশিৰি প্ৰশাসনক গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত ক'ভিড সজাগতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বিনা কাৰণত ৰাস্তাই-ঘাটে ঘূৰি ফুৰা লোকসকলৰ প্ৰতি আৰু গাঁৱত থকা গেলামালৰ দোকানসমূহৰ সন্মুখত মাস্ক নিপিন্ধাকৈ আড্ডা মাৰি থকা লোকসকলৰ প্ৰতি ধনশিৰি মহকুমা প্ৰশাসনক অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে ।

মন্ত্ৰী গৰাকীয়ে সভাৰ শেষত সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ বিভিন্ন সুবিধা-অসুবিধা সন্দৰ্ভত বুজ লয় ।

লগতে পঢ়ক: চুলাই মদৰ ভাটি থকা অঞ্চলত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ; কোনে ক’লে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.