সৰুপথাৰ, 3 আগষ্টঃ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বক্সিং খেলুৱৈ লাভলীনাৰ বাসগৃহত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷
উল্লেখ্য যে, গোলাঘাটৰ বৰপথাৰ আৰু সৰুপথাৰত দলীয় সভাত অংশ গ্ৰহণৰ উদ্দেশ্যে উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা ৷ ইফালে দলীয়া সভাত অংশগ্ৰহণ কৰিবলৈ যাওতেই বৰপথাৰৰ বাৰমুখীয়া গাঁৱত অৱস্থিত লাভলীনাৰ বাসগৃহত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷
আনহাতে, কিছুদিনৰ আগতে বক্সাৰ লাভলীনা বৰগোঁহায়ে পথাৰত ৰুই থকা ফটো এখনে কৃষি মন্ত্ৰী অতুল বৰাক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল ৷ তেতিয়াই মন্ত্ৰীগৰাকীয়ে বক্সাৰ গৰাকীৰ ঘৰলৈ আহি উৎসাহ দিয়া কথা ভাৱিছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু সময়ৰ অসুবিধাৰ বাবে আহিব পৰা নাছিল যদিও সোমবাৰে বৰপথাৰ আৰু সৰুপথাৰত দলীয় সভাত অংশ গ্ৰহনৰ বাবে আহোতেই বক্সিং খেলুৱৈ লাভলীনাৰ বাসগৃহত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰী গৰাকীয়ে বক্সাৰ লাভলীনাক গ্ৰীন হাউচৰ লগতে এখন নাৰ্চাৰি দিয়াৰ কথা অবগত কৰে ৷ লগতে অলিম্পিকলৈ তেওঁ লক ডাউনৰ বাবে ঘৰতে কিদৰে অনুশীলন কৰিছে তাৰো বুজ লয় ৷
ইফালে মন্ত্ৰী অতুল বৰাই কয় যে, বিশ্ব বিখ্যাত বক্সাৰ, লাভলীনাই খেতিৰ পথাৰত নামি ভূঁই ৰোৱা কাৰ্যৰ দ্বাৰা বৰ্তমানৰ যুৱ প্ৰজন্মই কৃষিৰ প্ৰতি আকৃষ্ট হ'ব ৷ সেয়ে, মন্ত্ৰী গৰাকীয়ে গৃহ জিলাৰ বক্সাৰ গৰাকীক ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
আনহাতে, মন্ত্ৰী গৰাকীয়ে লাভলীনা গৃহত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছে পৰিয়ালৰ লগতে খেলুৱৈ গৰাকীয়ে ৷ আগন্তুক অলিম্পিকৰ বাবে নিজ ঘৰতেই অনুশীলন চলাই যোৱাৰ লগতে 10-15 দিনৰ ভিতৰতেই পাটিয়ালাৰ অনুশীলন কেন্দ্ৰলৈ যোৱা কথা উল্লেখ কৰে লাভলীনা বৰগোঁহাইয়ে ৷
লগতে পঢ়ক- কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত