ETV Bharat / state

ক’ভিড সম্পৰ্কে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াৰে অতুল বৰাৰ বৈঠক

author img

By

Published : May 14, 2021, 8:41 PM IST

মন্ত্ৰী অতুল বৰাৰ সৈতে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াৰ লগত ক’ভিড সম্পৰ্কীয় আলোচনা । বৈঠকত উপস্থিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীকে ধৰি ভালে সংখ্যক বিষয়া কৰ্মচাৰী ৷

ক’ভিড সম্পৰ্কত মন্ত্ৰী অতুল বৰাৰ বৈঠক গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াৰ লগত

গোলাঘাট, 14 মে’: শুকুৰবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ক’ভিড সম্পৰ্কীয় এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াৰ লগত অনুষ্ঠিত হোৱা বৈঠকত বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ।

বৰ্তমানলৈকে গোলাঘাট জিলাত ক’ভিডৰ সংক্ৰমণৰ ফলত 19 গৰাকী লোক মৃত্যু মুখত পৰাৰ লগতে দুই সহস্ৰাধিক লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’ণা ভাইৰাছত । এই লৈ অনুষ্ঠিত হোৱা বৈঠকত চাহ বাগিছা অঞ্চলত ক’ভিডৰ সংক্ৰমণ ঘটাৰ ফলত চিন্তনীয় বিষয় হিচাপে বিবেচিত কৰি ব্যৱস্থা লোৱাৰ বাবে জিলা প্ৰশাসনক মন্ত্ৰী অতুল বৰাই নিৰ্দেশ জাৰি কৰে । বৈঠকত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীকে ধৰি ভালে সংখ্যক বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতি বুজ ল’বলৈ মঙলদৈত উপস্থিত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.