ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত গোলাঘাটৰ চৌকানা বিল

author img

By

Published : Dec 28, 2019, 1:30 PM IST

হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমণে সৌন্দৰ্য বৃদ্ধি কৰিছে চৌকানা বিলৰ ৷ এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে অঞ্চলটোলৈ বহু লোকৰ আগমণ ঘটিছে ৷

চৌকানা বিলৰ শুভাবৰ্দ্ধন
পৰিভ্ৰমী পক্ষীৰ আগমণ

গোলাঘাট, 28 ডিচেম্বৰ : শীতৰ লগে লগে গোলাঘাট জিলাৰ কমাৰগাঁৱত আগমণ ঘটিল হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ ৷ কমাৰগাঁৱৰ ঠেঙাল গাঁৱৰ চৌকানা বিল মুখৰিত হৈ পৰিছে পৰিভ্ৰমী পক্ষীৰ কলৰৱত ৷ প্ৰত্যেক বছৰে চৌকানা বিললৈ কাম চৰাই,শৰালী, কনোৱা আদি নানান পক্ষীৰ আগমণ ঘটে ।

পক্ষীৰ কলৰোলত মুখৰিত চৌকানা বিল
পৰিভ্ৰমী পক্ষী

বছৰ বছৰ ধৰি এই পক্ষীকূলক সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ঠেঙাল গাঁৱৰ বাসিন্দাই ৷ চৌকনা বিলৰ পক্ষীৰ যাতে কোনো অনিষ্ট সাধন নহয় সেইক্ষেত্ৰত ঠেঙাল গাঁৱৰ বাসিন্দাই তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ ঐতিহাসিক ধোদৰ আলিৰ গাতে লাগি থকা চৌকানা বিলৰ নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে অঞ্চলটোলৈ বহু লোকৰ আগমণ ঘটিছে ৷

গোলাঘাটৰ চৌকানা বিল

আৰু পঢ়ক : তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যভৰ্তি অভিযান অব্যাহত

Intro:গোলাঘাট কমাৰগাও পৰিভ্ৰমী পক্ষীৰ কলৰোলে মুখৰিত এটা অঞ্চল । শীতৰ লগে লগে অঞ্চলটোলৈ আগমন হয় হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ ।
হয় শীতৰ আগমনৰ লগে লগে গোলাঘাট কমাৰগাঁওৰ ঠেঙাল গাঁওৰ চৌকানা বিললৈ আগমন হয় হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ । পক্ষীৰ কলৰোলে মুখৰিত হৈ পৰে এই সমগ্ৰ অঞ্চলটো । প্ৰত্যেক বছৰে এই চৌকানা বিললৈ কাম চৰাই, শৰালী, কনোৱা,কে ধৰি নানান বিধ পক্ষীৰ আগমন হয় । ইফালে বছৰ বছৰ ধৰি এই পক্ষীকূলক সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন দেখুৱাই আহিছে গোলাঘাটৰ ঠেঙাল গাঁৱৰ বাসিন্দাই। চৌকনা বিললৈ অহা পৰিভ্ৰমী পক্ষীৰ যাতে কোনেও অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ দি আহিছে গাঁওবাসীয়ে। এনেদৰে এতিয়া ঐতিহাসিক ধোদৰ আলিৰ গাতে লাগি থকা এই পক্ষীৰ নান্দনিক দৃশ্য চাবলৈ অঞ্চলটোলৈ আগমন হয় বহু লোকৰ ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.