ETV Bharat / state

লাভলীনাই অসমৰ বাবে সোণ বুটলি অনাৰ আশা লুৰিণৰ

সোমবাৰে লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদ (AJP)ৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) ৷ চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে লাভলীনাক শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় লুৰিণৰ লগতে অসম জাতীয় পৰিষদৰ বহুকেইগৰাকী নেতা ৷

lurinjyoti gogoi visited to lovlina borgohain home
লাভলীনাৰ বাসগৃহত লুৰিণজ্য়োতি গগৈ
author img

By

Published : Aug 2, 2021, 6:31 PM IST

Updated : Aug 2, 2021, 7:30 PM IST

সৰুপথাৰ,2 আগষ্ট : লাভলীনা বৰগোহাঁই (Lovlina Borgohain)ৰ বৰপথাৰস্থিত বাসগৃহত সোমবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদ (AJP)ৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi) ৷ বাসগৃহত উপস্থিত হৈ বক্সাৰগৰাকীৰ পিতৃ টিকেন বৰগোহাঁইক গামোচা, চেলেং আৰু পাগেৰে সম্বৰ্ধনা জনায় লুৰিণজ্যোতি গগৈয়ে । অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে টকিঅ’ অলিম্পিক (Tokyo Olympics)ত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাক অফুৰন্ত শুভকামনা জনায় সভাপতি লুৰিণে ।

ইয়াৰোপৰি তেওঁ লাভলীনাৰ গৃহ অঞ্চলটোত আগন্তুক সময়ত চৰকাৰে সু-পৰিকল্পিতভাৱে এক ক্ৰীড়াক্ষেত্ৰ গঢ়ি তুলিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ লাভলীনাই অলিম্পিকত সোণৰ পদক (Gold Medal) লাভ কৰি ভাৰতৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে লুৰিণে । লুৰিণজ্যোতিৰ গগৈৰ সৈতে লাভলীনাৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকনৰ আৰু বহুকেইগৰাকী দলীয় নেতা ৷

লাভলীনাৰ বাসগৃহত লুৰিণজ্য়োতি গগৈ

লগতে পঢ়ক : লাভলীনাক পকীপথ উপহাৰ দিলে বিধায়ক বিশ্বজিত ফুকনে

মন কৰিবলগীয়া যে, টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত চীনা প্ৰতিদ্বন্দীক কোৱাৰ্টাৰ ফাইনেলত ধৰাশায়ী কৰি চেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে লাভলীনাক শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহত সোঁত বৈছে বহু দল-সংগঠনৰ নেতাৰ ৷

অসম কন্যা লাভলীনাৰ টকিঅ’ অলিম্পিকৰ প্ৰদৰ্শনৰ পাচতে লাভলীনাৰ বাসগৃহত দেখা গৈছে ৰাজ্যৰ দল-সংগঠনৰ ইজনৰ পাচত সিজন নেতাক ৷ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচত লাভলীনাৰ বাসগৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে ৰাজনৈতিক নেতাসমূহে ৷ ইয়াৰ লগতে সমগ্ৰ অসমবাসীয়ে লাভলীনাৰ জয়ৰ বাবে সমূহীয়াকৈ চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী হিচাপে নিযুক্ত থকাৰ সময়তো ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : লাভলীনালৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

Last Updated : Aug 2, 2021, 7:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.