ETV Bharat / state

ছেমিফাইনেলত থমকি ৰ‘ল লাভলিনা বৰগোঁহাই

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পৰাজয়বৰণ গোলাঘাটৰ জীয়ৰী লাভলিনাৰ বৰগোঁহাইৰ ৷ 69 কিলোগ্ৰাম শাখাত চীনৰ য়াং লিওৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয় লাভলিনা ৷

author img

By

Published : Oct 12, 2019, 7:24 PM IST

ছেমিফাইনেলত থমকি ৰ‘ল লাভলিনা বৰগোঁহাই

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰঃ অৱশেষত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত থমকি ৰ'ল অসম কণ্যা লাভলিনা বৰগোঁহাই । শনিবাৰে বিয়লি 5 বজাত অনুষ্ঠিত হোৱা 69 কিলোগ্ৰাম শাখাত বিৰোধী খেলুৱৈ চীনৰ য়াং লিওৰ হাতত 3-2 ব্যৱধানত পৰাস্ত হয় লাভলিনা । অৱশ্যে পৰাজয়বৰণ কৰিলেও ছেমিফাইনেলত প্ৰৱেশ কৰা সূত্ৰে লাভলিনা বৰগোঁহাইয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ব্ৰঞ্জৰ পদক ৷ বক্সিং কেৰিয়াৰত লাভলিনাৰ এইটো হৈছে ধাৰাবাহিক তিনিটা পদক ৷

লাভলিনা বৰগোঁহাইৰ পৰাজয়ৰ পিতৃৰ প্ৰতিক্ৰিয়া

লাভলিনাৰ পৰাজয়ৰ পিচতেই বৰপথাৰস্থিত বাসগৃহত পৰিয়াল তথা গাওঁবাসীৰ মাজত দেখা পোৱা কিছু দুখ। মাত্ৰ এক পইণ্টৰ বাবেই পৰাজয়বৰণ কৰিবলগীয়া হয় প্ৰতিভাৱান ভাৰতীয় বক্সাৰগৰাকী । অনাগত দিনত ইয়াতকৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰিছে পিতৃ টিকেন বৰগোঁহাইয়ে ।

Intro:অৱশেষত থমকি ৰ'ল লাভলিনা বৰগোঁহাই । আজি সন্ধিয়া ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বস্কিং চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত প্ৰতিপক্ষ চীনৰ এল ইয়াং ৰ হাতত ৩-২ ব্যৱধানত পৰাস্ত হয় । অৱশ্যে ছেমিফাইনেলত প্ৰবেশ কৰা সূত্ৰে লাভলিনা বৰগোঁহাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছিল ।
Body:আজি ছেমিফাইনেল অনুষ্ঠিত হৈ থকা সময়ত তেওঁৰ বৰপথাৰস্থিত বাসগৃহত বিভিন্নজনে তেওঁৰ খেল উপভোগ কৰা পৰিলক্ষিত হয় । লাভলিনা পৰাস্ত হোৱাত তেওঁৰ পৰিয়াল তথা গাওঁবাসীয়ে কিছু দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । তেওঁ প্ৰথম অৱস্থাত ভাল খেল প্ৰদৰ্শন কৰিছিল যদিও শেষত তেওঁৰ এটি পইন্টত প্ৰতিপক্ষৰ হাতত পৰাস্ত হবলগীয়া হয়। অনাগত দিনত ইয়াতকৈ আৰু ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰিছে পিতৃ টিকেন বৰগোঁহাই আৰু ক্ৰিয়া সংগঠক সোভৱ চৌধুৰীয়ে ।
Conclusion:Byte :- লাভলিনাৰ পিতৃ
BYTE :- ক্ৰীড়া সংগঠক

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.