ETV Bharat / state

Unknown diseases at Merapani: মেৰাপানীত লাম্পী ভাইৰাছ সদৃশ মহামাৰীৰ প্ৰাদুৰ্ভাৱ; চিন্তিত পশু পালক

গোলাঘাট জিলাৰ মেৰাপানীত অচিন ৰোগত আক্ৰান্ত পশুধন ৷ চিন্তিত কৃষক তথা পশুপালকসকল (Livestock infected with unknown diseases) ৷

author img

By

Published : May 10, 2023, 10:26 AM IST

Unknown diseases at Merapani
অচিন ৰোগত আক্ৰান্ত পশুধন
অচিন ৰোগত আক্ৰান্ত পশুধন

মেৰাপানী, 10 মে’ : কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি গোলাঘাট জিলাৰ মেৰাপানীৰ সীমাঞ্চলৰ পশুধনৰ মাজত দেখা দিছে লাম্পী ভাইৰাছ সদৃশ মহামাৰীৰ আতংকই ৷ যিয়ে দুঃচিন্তাত ভোগাইছে কৃষক তথা পশুপালকসকলক । গোলাঘাট জিলাৰ মেৰাপানীৰ আদৰ্শ গাঁৱত গৰু তথা পশুধনবোৰ অচিন ৰোগত আক্ৰান্ত হোৱাৰ তথ‍্য পোহৰলৈ আহিছে । লাম্পী ভাইৰাছ সদৃশ মহামাৰীৰ লক্ষণ প্ৰকাশ পাইছে বহু পশুধনৰ গাত (Livestock infected with unknown diseases) ।

তথ‍্য অনুসৰি, 1 নং আৰু 2 নং আদৰ্শ গাঁৱত গৰু আৰু গৰু পোৱালীবোৰ লাম্পী সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণে দেখা দিছে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে । এই অচিন ৰোগ সন্দৰ্ভত আদৰ্শ গাঁৱৰ সঞ্জীৱ বৰা নামৰ কৃষকজনে তেওঁ ঘৰত পোৱা গৰুকেইটাৰ গাত জ্বৰ হোৱা, ফোঁহা বা গুটি গুটি উঠা, তভক লাগি থকা, দানা-পানী খাবলৈ মন নকৰা আদি লক্ষ‍ণ দেখিবলৈ পোৱা বুলি কৃষকজনে মেৰাপানীৰ পশু চিকিৎসকক অৱগত কৰে । মেৰাপানীৰ পশু চিকিৎসকে গৰুৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও আৰোগ্য হোৱা নাই বুলি জানিবলৈ দিয়ে কৃষকগৰাকীয়ে (Lumpy skin disease in Assam) ।

ইফালে গাঁওখনৰ আন একাংশ ৰাইজৰ পোহনীয়া গৰুৰ গাটো এনে লাম্পী সদৃশ ৰোগৰ লক্ষণ দেখিবলৈ পোৱা গৈছে বুলি জানিবলৈ দিয়ে । গাঁওখনৰ গৰুবোৰৰ দেহত লাম্পী সদৃশ ভাইৰাছে দেখা দিয়াত চিন্তিত হৈ পৰিছে পশুপালকসকল । বিগত বছৰতো এই লক্ষণৰ ৰোগত আক্ৰান্ত হৈ বহু পশুপালকৰ গৰু-ছাগলীৰ মৃত্যু হৈছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । অঞ্চলটোত পশুধনৰ এনে ৰোগৰ লক্ষণ দেখি পশুপালক ৰাইজ চিন্তিত হৈ পৰিছে (Livestock suffering from lumpy disease at Merapani ) ।

এই সন্দৰ্ভত অসম চৰকাৰৰ পশু পালন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে পশু পালকসকলে ।

উল্লেখ্য যে, লাম্পী এক প্ৰকাৰৰ চৰ্ম ৰোগ (LSD)। ই এক ভাইৰাছজনিত সংক্ৰমণ যিয়ে গৰু-ম’হক আক্ৰান্ত কৰে আৰু ই অতি ক্ষীপ্ৰ সংক্ৰামক । বিশ্ব পশু স্বাস্থ্য সংস্থাই (WOAH) জনোৱা মতে, পক্সভাইৰিডে পৰিয়ালৰ পৰা অহা ভাইৰাছ লাম্পী স্কিন ডিজিজ ভাইৰাছ (LSDV)ৰ ফলত লাম্মী চৰ্ম ৰোগ হয় । WOAH ৰ মতে এই ৰোগ দ্ৰুতগতিত বিয়পিব পাৰে আৰু সংক্ৰমণৰ প্ৰধান উপায় আৰ্থ্ৰ’পড ভেক্টৰৰ দ্বাৰা বুলি ধৰা হয় ।

লক্ষণসমূহ কি কি?

লাম্পী চৰ্ম ৰোগত জ্বৰ, ছালত নোডুল, চকু আৰু নাকৰ পৰা স্ৰাৱ, গাখীৰৰ উৎপাদন কমি যোৱাৰ লগতে খাদ্য খোৱাত অসুবিধাই দেখা দিব পাৰে । কিছুমান ক্ষেত্ৰত এই ভাইৰাছৰ সংক্ৰমণ মাৰাত্মক হ’ব পাৰে, বিশেষকৈ যিবোৰ প্ৰাণী পূৰ্বতে ভাইৰাছৰ সংস্পৰ্শলৈ অহা নাছিল । গৰ্ভৱতী গৰু-ম’হবোৰ এই ৰোগৰ বাবে প্ৰায়ে গৰ্ভপাতৰ সন্মুখীন হয় (lumpy skin disease symptoms) ।

লগতে পঢ়ক : Manipur violence : অগ্নিগৰ্ভা মণিপুৰৰ আশ্ৰয় শিবিৰত 6 সহস্ৰাধিক লোক; পৰিস্থিতি উন্নত হোৱাৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.