ETV Bharat / state

নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ

author img

By

Published : Jun 4, 2021, 9:23 PM IST

নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ ৷ বৃহস্পতিবাৰে বিয়লি উদ্ধাৰ হোৱা নাহৰফুটুকী বাঘটোৰ মৃত্যু স্বাভাৱিক আছিল বুলি জানিব পৰা গৈছে ৷

leopard dead body recover in numoligarh
নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ

গোলাঘাট, 4 জুন: গোলাঘাট জিলাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত বৃহস্পতিবাৰে বিয়লি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় । বগীধলা বাগিচাৰ শ্ৰমিকে খৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ।

নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ

বন বিভাগৰ লোক তথা পশু চিকিৎসকে ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকী বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নাহৰফুটুকীটো সেই স্থানতে দাহ কৰাৰ ব্যৱস্থা কৰা হয় ৷ নাহৰফুটুকী বাঘটোৰ মৃত্যু স্বাভাৱিক আছিল বুলি বন বিভাগৰ লোকসকলে জানিবলৈ দিছে । বয়সস্থ অৱস্থাত বাঘটোৱে স্বাভাৱিক মৃত্যুক আকোঁৱালি লোৱা বুলি সদৰি বন বিভাগে সদৰি কৰিছে ।

লগতে পঢ়ক : ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.