ETV Bharat / state

আমগুৰিত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ এজন আটক

অবৈধ সুৰাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ আমগুৰিৰ হালোৱাটিং আৰক্ষীয়ে শনিবাৰে অভিযান চলাই প্ৰায় 30 হাজাৰ টকাৰ বিলাতী সুৰা বটল জব্দ কৰে ৷

author img

By

Published : Oct 3, 2021, 1:11 PM IST

large-quantity-of-illegal-liquor-seized-in-amguri
আমগুৰিত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ আটক এজন

আমগুৰি, 3 অক্টোবৰ : আমগুৰি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ আমগুৰিৰ হালোৱাটিং আৰক্ষীয়ে শনিবাৰে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ আমগুৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং বজাৰৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বিলাতী সুৰাখিনি ।

দিগন্ত শইকীয়া নামৰ এজন লোকৰ হোটেলৰ পৰা আৰক্ষীয়ে অবৈধভাৱে মজুত কৰি ৰখা বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটলসমূহ জব্দ কৰে ৷ হোটেলখনৰ গৰাকী দিগন্ত শইকীয়াকো আৰক্ষীয়ে আটক কৰিছে ৷ হালোৱাটিং আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা সুৰাৰ বটলখিনি আমগুৰি আবকাৰী বিভাগক হস্তান্তৰ কৰিছে ।

আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় 30 হাজাৰ টকা হ’ব বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোত বিভিন্ন অবৈধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ ভিত্তিতেই হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে ৷

লগতে পঢ়ক : একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ চিৰাঙত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.