খুমটাই,7 আগষ্ট: শুকুৰবাৰে নিয়াৰ আদালতে জামিন আবেদন নাকচ কৰে কৃষক নেতা অখিল গগৈৰ ৷ সম্প্ৰতি ইয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ গোলাঘাট জিলাৰ খুমটাইতো কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত যৌথভাৱে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ খুমটাইৰ হাবিছোৱাত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাই অখিল গগৈৰ মুক্তিৰ দাবীত নাগাৰা নাম পৰিৱেশন কৰাৰ উপৰিও আৰু মুণ্ডন কাৰ্য সম্পন্ন কৰে ।
উল্লেখ্য যে,প্ৰতিবাদকাৰীসকলে কৃষক নেতাগৰাকীৰ বিনা চৰ্তে মুক্তিৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ ৷ বিগত কেইবাদিনো ধৰি সংগঠন দুটাই খুমটাইৰ বিভিন্ন অঞ্চলত অখিল গগৈৰ মুক্তিৰ দাবীত সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ শুকুৰবাৰে আয়োজিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাগৰাকীও শিল্পীয়ে গগৈৰ মুক্তিৰ দাবীত স্বৰচিত গীত পৰিৱেশন কৰে ৷
লগতে চাওকঃ গুৱাহাটীৰ লাচিতপুৰত শোকাৱহ পথ দুৰ্ঘটনা