ETV Bharat / state

kiren rijiju at numaligarh refinery: নুমলীগড় শোধনাগাৰ লিমিটেডত বিনিয়োগ হ’ব চল্লিশ হাজাৰ কোটি

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ সংবাদ মেল(Kiren Rijiju press meet)। গোলাঘাটত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদ মেল ।

author img

By

Published : Nov 28, 2022, 9:47 PM IST

Kiren Rijiju press meet in NRL
Kiren Rijiju press meet: নুমলীগড় শোধনাগাৰ লিমিটেডত বিনিয়োগ হ’ব চল্লিশ হাজাৰ কোটি

গোলাঘাট, 28 নৱেম্বৰ: গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কুঞ্জকাননত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ সংবাদ মেল(Kiren Rijiju press meet)। অইল ইণ্ডিয়া, বায়’ ৰিফাইনেৰী আৰু এন আৰ এলৰ পৰ্যালোচনা আলোচনাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মেল সম্বোধন কৰে । মুঠতে চল্লিশ হাজাৰ কোটি টকা এন আৰ এল আৰু ইয়াৰ সহযোগী অংশীদাৰি প্ৰতিষ্ঠানক বিনিয়োগ হ’ব বুলি জানিবলৈ দিয়ে ৷

“প্ৰধানমন্ত্ৰীৰ পৰিকল্পনাৰ প্ৰতি সমৰ্থন জনায় মুখ্যমন্ত্ৰীয়ে অসমক প্ৰগতিৰ নতুন দিশলৈ আগবঢ়াই নিছে ৷ এনআৰএলৰ কুঞ্জবনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুয়ে আয়োজন কৰা সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়(Central minister Kiren Rijiju press meet) । উন্নয়নৰ ক্ষেত্ৰত আজিৰ পৰা ন বছৰৰ আগৰ উত্তৰ-পূৰ্বাঞ্চল আৰু আজিৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ পাৰ্থক্য আজি সাধাৰণ জনতাৰ চকুতো স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিকল্পনাৰ প্ৰতি সমৰ্থন জনায় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ হাব অসমক প্ৰগতিৰ এক নতুন দিশেৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে বুলি তেওঁ সংবাদমেলত কয়(Assam CM Himanta Biswa Sarma) ৷

নুমলীগড় শোধনাগাৰ লিমিটেডত বিনিয়োগ হ’ব চল্লিশ হাজাৰ কোটি

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে যিদৰে কাম কৰি গৈছে, সেই কামৰ স্বীকৃতি স্বৰূপেই ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈছে বুলি উল্লেখ কৰে ৷ পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে এনআৰএলৰ সম্প্ৰসাৰণৰ লগতে অন্যান্য ক্ষেত্ৰৰ কৰ্মাৱলীৰ অগ্ৰগতিৰ বুজ লয় বুলি জানিব পৰা গৈছে ৷ সংবাদমেলখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এনআৰএল আৰু অসম বায়’ ৰিফাইনেৰী আদি এনআৰএলৰ স’তে জড়িত প্ৰতিষ্ঠানসমুহত কেন্দ্ৰীয় চৰকাৰখনে প্ৰায় চল্লিশ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য লৈছে ৷

ফলত আগন্তুক সময়ছোৱাত প্ৰতিষ্ঠানটোত বিশাল পৰিমাণৰ কৰ্মসংস্থাপন সৃষ্টিৰ বাট মুকলি হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বিশাল সম্ভাৱনালৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ চৈধ্যটা সমষ্টিৰ কমেও বাৰটা নিজৰ দখললৈ নিয়াৰ লক্ষ্য লৈ অসমৰ দায়িত্বপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰীজনে কলীয়াবৰ লোকসভা সমষ্টিকেন্দ্ৰীক এক প্ৰশ্নৰ উত্তৰত কয় যে কলীয়াবৰ সংসদীয় সমষ্টিটোতো ৰাইজে বিজেপিক মুক্ত হৃদয়েৰে আকোঁৱালি লৈছে ৷

কিন্তু আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপি দলে নিজে প্ৰতিদ্বন্দিতা কৰিব নে মিত্ৰদলক এৰি দিব, সেই সিদ্ধান্ত নিশ্চিত হ’ব দলৰ মজিয়াতমজিয়াতহে বুলি উল্লেখ কৰে ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰি লেনযুক্ত পথলৈ উন্নীত কৰি দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ স’তে বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত অসম আৰু গোলাঘাট জিলাৰ ভূমিকা ভৱিষ্যতে আটাইতকৈ উল্লেখযোগ্য হৈ পৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে এনআৰএলৰ নগৰাঞ্চলত আয়োজন কৰা সংবাদ মেলখনত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা বিজেপিৰ সভাপতি দেৱ প্ৰদীপ বৰা আৰু বিজেপিৰ প্ৰদেশ উপ সভাপতি অশোক কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে ৷

জানিব পৰা মতে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য ৰাখি আজি আৰু কাইলৈও মন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ বিভিন্ন অঞ্চলত বহুকেইখন সংবাদমেল সম্বোধন কৰাৰ লগতে দলীয় কৰ্মকৰ্তাৰ লগতো নিৰ্বাচনকেন্দ্ৰীক বিভিন্ন দিশ পৰ্যালোচনা কৰিব ।

লগতে পঢ়ক: Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.