গোলাঘাট,2মাৰ্চঃ খুমটাইৰ ঐতিহ্যমণ্ডিত চিনাতলি বৰ নামঘৰত চুৰিকাণ্ড । ঐতিহাসিক চিনাতলি বৰ নামঘৰত দেওবাৰে নিশা দুটাকৈ দানপাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে অৰিহণাৰ ধন । দান পাত্ৰ দুটাত আছিল প্ৰায় ১৫ দিনৰ ধন । চোৰে প্ৰায় দহ হাজাৰৰ পৰা পোন্ধৰ হাজাৰ টকা লুট কৰাৰ সন্দেহ । জানিব পৰা মতে, নামঘৰৰ পূৱ দিশৰ দুৱাৰেদি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চোৰ । দুৱাৰ খনৰ তলা খুলি থোৱা অৱস্থাত দেখি নামঘৰীয়াই হুলস্থূল কৰে । লগে লগে নামঘৰৰ সমূহ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ সমবেত হয় । ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অভিযোগ দাখিল কৰিছে । সম্প্ৰতি স্নিফাৰ ডগেৰে চোৰৰ অভিযান আৰম্ভ কৰিছে গোলাঘাট আৰক্ষীয়ে ।
লগতে পঢ়কঃমাজুলীত সপ্তম মিছিং যুৱ মহোৎসৱ