গোলাঘাট, 15 জুলাই: সামাজিক মাধ্যমত নিষিদ্ধ সংগঠনক সমৰ্থনৰ অভিযোগত কাৰাৰুদ্ধ(UAPA for Facebook post) হৈ থকা থকা যোৰহাটৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে গোলাঘাট আদালতে ৰায়দান কৰে বৃহস্পতিবাৰে (Barshashree Buragohain to sit for exam)৷ আদালতৰ ৰায় অনুসৰি বিশ্ববিদ্যালয়ৰ নীতি মতেহে পৰীক্ষাত বহিব পাৰিব দুটা মাহে কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী (Jailed student Barshashree Buragohain )৷ আদালতৰ এই ৰায়দানৰ পাছত সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷
বৰ্ষাশ্ৰীয়ে জে’ইলতে পৰীক্ষাত পৰীক্ষাত বহাৰ বাবে ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা যোৰহাটৰ DCB college ৰ অধ্যক্ষই আবেদন জনাইছিল । কিন্তু এই ক্ষেত্ৰত মুখঠেকেচা খালে অধ্যক্ষগৰাকীয়ে ৷ কিয়নো বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনা অনুসৰি কাৰাগাৰত পৰীক্ষা দিব নোৱাৰিব ছাত্ৰীগৰাকীয়ে ৷
ইফালে অধ্যক্ষগৰাকীৰ আবেদনৰ ভিত্তিত শুকুৰবাৰে আদালতে পুনৰ শুনানি গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ নীতি নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়তে পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে বৰ্ষাশ্ৰীক । আনহাতে 14 জুলাইত আদালতে জাৰি কৰা নিৰ্দেশৰ পাচত উপায়ুক্তই নিজাববীয়াকৈ জে’লতে বৰ্ষাশ্ৰীৰ পৰীক্ষাত বহুওৱাৰ বাবে নিৰীক্ষক পৰ্যন্ত নিযুক্ত কৰিছিল । কিন্তু আদালতৰ ৰায় আৰু বিশ্ববিদ্যালয়ৰ নীতিয়ে সেয়া হ’বলৈ নিদিলে ৷ উপায়ুক্তগৰাকীয়ে আদালতক অৱমাননা কৰাৰো অভিযোগ উত্থাপন কৰিছে বৰ্ষাশ্ৰীৰ অধিবক্তাই ৷
লগতে পঢ়ক: 10th rank in HSLC: উত্তৰবহী পুনৰীক্ষণত ওলাল আচল কথা: মেট্ৰিকত দশম স্থান লাভ ছিপাঝাৰৰ অবিনাশ চহৰীয়াৰ