ETV Bharat / state

গোলাঘাট বিজুলী বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্যহস্তীটোক চিকিৎসা প্ৰদান - গোলাঘাট বিজুলী বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্যহস্তীটোক চিকিৎসা প্ৰদান

আগৰ এখন ভৰিৰ হাড় ভগাৰ লগতে শৰীৰত কেইবাটাও আঘাতৰ চিন আছে হাতীটোৰ ৷ বৰ্তমান চিকিৎসা সম্পন্ন হৈছে হাতীটোৰ ।

বন্যহস্তীটোক চিকিৎসা প্ৰদান
বন্যহস্তীটোক চিকিৎসা প্ৰদান
author img

By

Published : Apr 1, 2020, 10:44 AM IST

গোলাঘাট, 1 এপ্ৰিল : অৱশেষত ট্ৰেংকুলাইজ কৰি চিকিৎসা প্ৰদান কৰা হ'ল গোলাঘাট বিজুলী বনাঞ্চলত আঘাতপ্ৰাপ্ত বন্যহস্তীটোক ৷ কাজিৰঙা পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডঃ চামচুল হুছেইনৰ নেতৃত্বত ট্ৰেংকুলাইজ কৰা হয় হাতীটোক ৷ চিকিৎসকে জানিবলৈ দিয়া মতে, আগৰ এখন ভৰিৰ হাড় ভগাৰ লগতে গাত কেইবাটাও আঘাতৰ চিন আছে হাতীটোৰ ৷ বৰ্তমান চিকিৎসা সম্পন্ন হৈছে হাতীটোৰ । সম্পূৰ্ণ সুস্থ হৈ নুঠা পৰ্যন্ত বন বিভাগৰ চিকিৎসকৰ নিৰীক্ষণত থাকিব হাতীটো ।

বন্যহস্তীটোক চিকিৎসা প্ৰদান

লগতে পঢ়কঃ কোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

গোলাঘাট বিজুলী বনাঞ্চলৰ দখৰা পথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি বিচৰণ কৰি আছিল আঘাতপ্ৰাপ্ত হাতীটো ৷ ক্ৰমাৎ বেয়া হৈছিল হাতীটোৰ শাৰীৰিক অৱস্থা ৷ অৱশেষত চিকিৎসা প্ৰদান কৰা হ'ল হাতীটোক ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.