গোলাঘাট, 31 জুলাইঃ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ পাৰ্বতীপুৰত এক শিহঁৰণকাৰী ঘটনা সংঘটিত হয় ৷ সুৰামত্ত স্বামীয়ে নিজ পত্নীক হত্যাৰ চেষ্টা কৰি জীৱিত অৱস্থাতেই দৈগ্ৰো নৈৰ পাৰত পেলাই থৈ যায় ৷
বোকাত পোত গৈ সমগ্ৰ নিশাতো মৃত্যুৰ সৈতে যুঁজি থকা মহিলা গৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ তাৰ পাচতেই মহিলা গৰাকীক উদ্ধাৰ কৰি 108 এম্বুলেন্সৰ জৰিয়তে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷
মহিলাগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক হৈয়ে আছে বুলি জনাইছে স্থানীয় লোকে ৷ ইপিনে ঘটনা সম্পৰ্কে স্থানীয় লোকে খবৰ দিছে আৰক্ষীক ৷
পাৰিবাৰিক কন্দলৰ ফলত স্বামীয়ে সুৰামত্ত হৈ আহি পত্নীক হত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে ৷ ইপিনে এই কাৰ্য সংঘটিত কৰি পলাতক হৈ আছে মহিলা গৰাকীৰ স্বামী মদন তাঁতী ৷
লগতে পঢ়কঃ বৈশ্বিক পৰ্যটনৰ বাবে কোনো সময়সীমা নাই, বৃদ্ধি পাব ভ্ৰমণৰ খৰছ- বিশেষজ্ঞ