গোলাঘাট,29 আগষ্টঃ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দিনে নিশাই ব্যস্ত থাকিবলগীয়া হৈছে স্বাস্থ্য কৰ্মী সকল । কিন্তু বৰ্তমানো একাংশ স্বাস্থ্য কৰ্মীৰ নাই কোনো সুৰক্ষা, নাই কোনো উচিত পাৰিশ্ৰমিক । তথাপিও এই কৰ'ণা যুদ্ধখনত খোজত খোজ মিলাই কৰি গৈছে ৰাইজৰ সেৱা ।
উল্লেখযোগ্য যে, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়কে ধৰি জিলা খনৰ বিভিন্ন চিকিৎসালয়ত পৰিচালনা সমিতিয়ে নিযুক্তি দিছিল বহু কেইজন স্বাস্থ্যকৰ্মীক । জিলাখনত এনে স্বাস্থ্য কৰ্মীৰ সংখ্যা হৈছে ২৩০ গৰাকী । ২৩০ গৰাকীৰ ভিতৰত কোনোবা এম্বুলেন্স চালক, চাফাই কৰ্মী, পঞ্জীয়ন কৰোঁতা আদি বিভিন্ন কামত নিয়োজিত হৈ আছে । কিন্তু জিলাখনত চিকিৎসালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া স্বাস্থ্য কৰ্মী সকলক চৰকাৰী পক্ষই কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে স্বাস্থ্যকৰ্মী সকলে । বছৰ বছৰ ধৰি উচিত বেতনকে আদি কৰি বিভিন্ন সা-সুবিধাৰ পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ কৰে স্বাস্থ্যকৰ্মীসকলে । ইফালে স্বাস্থ্যকৰ্মী সকলৰ বিভিন্ন সমস্যাৰ প্ৰতি আওকাণ কৰি স্বাস্থ্যকৰ্মী থকাৰ পিছতো নতুনকৈ চৰকাৰে নিযুক্তি দিয়াক লৈ ক্ষুব্ধ হৈ পৰে স্বাস্থ্যকৰ্মী সকল ।
আনহাতে, ড0 ভীমৰাও আম্বেদকাৰ ভৱনত জিলা খনৰ বেচৰকাৰী স্বাস্থ্য কৰ্মী সকলে এখন সভা অনুস্থিত কৰে ৷ সভাখনত বাবুল দাসক সভাপতি ৰিণ্টু বড়ো আৰু অজিত ঘৰগিৰিক উপ সভাপতি, সোনমণি হাজৰিকা আৰু সঞ্জীৱ হাজৰিকাক সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন সমিতি গঠন কৰে । সভাত এই চিকিৎসাকৰ্মী সকলে অতি শীঘ্ৰে চাকৰি নিয়মীয়া কৰণৰ লগতে দৰমহা বৃদ্ধি কৰিবলৈ চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীক আহ্বান জনায় বেচৰকাৰী স্বাস্থ্যকৰ্মী সকলে ৷
লগতে পঢ়ক-অগপৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক অচ্যুত শইকীয়াৰ বিস্ফোৰণ