গোলাঘাট, 3 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসালয়খনৰ 78 গৰাকী স্বাস্থ্যকৰ্মীয়ে অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । কম পাৰিশ্ৰমিক লাভ কৰি বছৰ বছৰ ধৰি চিকিৎসালয়খনৰ কাম কৰি অহা স্বাস্থ্যকৰ্মীক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ প্ৰদান কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদাকাৰী সকলে ৷
অভিযোগ অনুসৰি, চিকিৎসালয়খনত 21 জুনত 11 গৰাকী লোকক সাক্ষাৎকাৰ নোলোৱাকৈ নিযুক্তি প্ৰদান কৰাৰ উপৰিও নীতি বহিৰ্ভূতভাবে 4 গৰাকীক চিকিৎসালয়ত নিযুক্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে, চিকিৎসালয়খনত পৰিচালনা সমিতিয়ে নিযুক্তি প্ৰদান কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে প্ৰায় 25 বছৰে কাম কৰি অহাৰ পিচতো নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনো ধৰণৰ অগ্ৰাধিকাৰ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্যকৰ্মী সকলে ।
আনহাতে, স্বাস্থ্যকৰ্মী সকলে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ সুৰেন তামুলীৰ লগতে কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰদান কৰি সাত দিনৰ ভিতৰত বছৰ বছৰ ধৰি কৰ্মত নিয়োজিত স্বাস্থ্য কৰ্মীক ন্যায় দিবলৈ আহ্বান জনাইছে । অন্যথা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ 78 গৰাকী স্বাস্থ্যকৰ্মীয়ে সাত দিনৰ পিচত অনশনত বহাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক : দুলনী নৈৰ খহনীয়াৰ কবলত কৌটি টকীয়া জলসিঞ্চন প্ৰকল্প