ETV Bharat / state

কৃষি কৰ্ম, মৌ পালনেৰে স্বাৱলম্বী হোৱাৰ চেষ্টা এজন অসমীয়াৰ

author img

By

Published : Jun 10, 2022, 2:17 PM IST

গোলাঘাটত সেউজ বিপ্লৱৰ সূচনা ৷ কৃষি কাৰ্য আৰু মৌ পালনেৰে স্বাৱলম্বী গোলাঘাটৰ পাপুমনি ৷ বছৰি লাখৰ ঘৰত উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ লগতে আজিৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে পাপুমনি ৷

green-revolution-with-farming-in-golaghat
মৌ পালন, কৃষি কৰ্মৰে স্বাৱলম্বী হ'বলৈ চেষ্টা এজন অসমীয়া যুৱকৰ

বোকাখাত, 10 জুন: গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী গাঁৱত কৃষি কৰ্ম আৰু মৌ পালনেৰে স্বাৱলম্বী হৈ পৰিছে এজন শিক্ষিত যুৱক (Agriculture ferming in Golaghat) ৷ চাকৰিৰ আশাত বহি নাথাকি কৃষি কৰ্ম আৰু মৌ পালনেৰে ধন উপাৰ্জন কৰি উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে যুৱকজনে ৷ এক কথাত ক’বলৈ গ’লে কৃষি বিপ্লৱৰ জৰিয়তে সেউজ বিপ্লৱৰ সূচনা কৰিছে পাপুমনি হাজৰিকা নামৰ যুৱকজনে (Green revolution with farming in Golaghat)।

অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এইজন চহা কৃষকে নিজৰ সাঁচতীয়া ধনেৰে কৰা বাৰীখনত ভৰি থলেই দেখা পাব তামোল-পাণ, টেঙা, মাটি কঁঠালৰ পৰা কবি, ৰঙালাউ, জলকীয়াৰ পৰা কচু লৈকে ধৰি বিভিন্ন ধৰণৰ খেতি । এই খেতিত পাপুমনিয়ে ব্যৱহাৰ কৰে নিজ হাতেৰে তৈয়াৰী কেঁচু সাৰ ৷

ইফালে মৌ পালন কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ বছৰি পাঁচৰ পৰা সাত কুইন্টললৈকে প্ৰেৰণ কৰে পাপুমনিয়ে । লগতে 'এৰী পলু'ও ঘৰতে পুহিবলৈ লৈছে এইজন চহা কৃষকে (Eri ferming in Golaghat) ৷ এক কথাত ক‘বলৈ গ’লে চহা খেতিয়কৰ উদাহৰণ পাপুমনি হাজৰিকা ৷

পিছে দুখৰ বিষয় যে, অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই খেতিয়কজনক ৷ স্বয়ং কৃষি আৰু পশু পালন মন্ত্ৰীগৰাকীৰ সমষ্টিৰ বাসিন্দা হৈ আজিও উপেক্ষিত হৈ ৰ’ল বোকাখাতৰ এইজন যুৱক ৷

লগতে পঢ়ক : মৃত সন্তানৰ পৰিৱৰ্তে পালে জীৱিত সন্তান: চিনেমাৰ কাহিনী যেন লগা এটা সঁচা ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.