ETV Bharat / state

Governor in Golagaht: গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Mar 27, 2023, 10:18 PM IST

গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া উপস্থিত হৈ জিলাখনৰ বিভিন্ন দিশৰ বিষয়ে বুজ লয় ৷ জিলা উপায়ুক্তই ৰাজ্যপালগৰাকীক জিলাখনৰ বিষয়ে এক চমু আভাস দাঙি ধৰে ৷ চাহ-বাগিচা অঞ্চলত শিক্ষাৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৰাজ্যপালগৰাকীয়ে (Governor Gulab chand kataria) ৷

Governor in Golagaht
গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা বৈঠক

গোলাঘাট, 27 মাৰ্চ: গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Governor Gulab chand kataria) ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৰাজ্যপালগৰাকী ৷ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে ৰাজ্যপালগৰাকীক জিলাখনৰ বিষয়ে এটা চমু আভাস দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়িত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ বিতং ব্যাখ্যা আগবঢ়ায় ৷

স্বাস্থ্য, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, গোলাঘাট আৰক্ষীৰ কামকাজ আদিৰ বিষয়ে বুজ লয় ৰাজ্যপাল কাটাৰীয়াই ৷ পি এম কিষাণ আঁচনিক অগ্ৰাধিকাৰ দি ইয়াৰ অধীনত যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় সেই সম্পৰ্কে গুৰুত্ব দিবলৈ জিলা উপায়ুক্তৰ পৰামৰ্শ আগবঢ়াই ৰাজ্যপালগৰাকীয়ে (Gulab chand kataria in Gulaghat) ৷

গোলাঘাট জিলাত বিদ্যালয় বহিৰ্ভূত ল’ৰা-ছোৱালীৰ বিষয়ে সবিশেষ বুজ লোৱাৰ লগতে চাহ বাগিচাসমূহত শিক্ষাৰ মান উন্নত কৰা তথা অধিক ল’ৰা-ছোৱালীক সামৰি ল’ব পৰাকৈ পৰ্যাপ্ত বিদ্যালয় স্থাপনৰ বিষয়তো গুৰুত্ব আৰোপ কৰে ৰাজ্যপালগৰাকীয়ে ৷ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা কৰি ৰাজ্যপালগৰাকীয়ে গোলাঘাট জিলাত 100 শতাংশ যক্ষ্মা ৰোগীৰ ‘এডপচন’ সম্পূৰ্ণ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ লগতে জননী সুৰক্ষা যোজনাৰ দ্বাৰা মাতৃসকল লাভান্বিত হৈছেনে নাই সেই বিষয়ে বিতংভাবে বুজ লয় ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন অভিযান সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে সকলো হিতাধিকাৰীয়ে পানী লাভ কৰিছেনে নাই তাৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতহে আঁচনিখনৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কৰে ৷ অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ধান ক্ৰয় আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া পৰিয়ালক চাউল যোগান আদি বিষয়ো বুজ লয় ৰাজ্যপালগৰাকীয়ে (Governor hold review meeting in Golaghat) ৷

আনহাতে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে ৰাজ্যপালগৰাকীক ব্যাখ্যা আগবঢ়ায় ৷ ৰাজ্যপালগৰাকীয়ে জিলাখনত অপৰাধজনিত ঘটনাৰ হাৰ কম হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ দেশতেই ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ৷

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে নুমলীগড় শোধনাগাৰ তথা ইয়াৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ বিষয়ে বুজ লয় ।

লগতে পঢ়ক: Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.