গোলাঘাট,23মেঃ গোলাঘাট লৱনঘাটত অবৈধ চোৰাং কাঠ ভৰ্তি টাটা ডি আই বাহন জব্দ কৰে শনিবাৰে গোলাঘাট বনাঞ্চলিক বিষয়াৰ বন প্ৰটেক্চনৰ এটা দলে ৷ নিয়মিয়া তালাচীত গোলাঘাট লবণঘাটৰ পৰা জব্দ কৰে কাঠ সহ টাটা ডি আই বাহন খন জব্দ হোৱা বাহন খনৰ পঞ্জীয়ন নং হৈছে এ.এচ. ২৫ এ.চি. ৯৪১২ (AS25-AC-9412) ।
ইপিনে বন বিভাগে গাড়ীখন ৰখাই সোধা পোচা কৰি থকা অৱস্থাতে গাড়ী চালক জনে পলায়ন কৰে ঘটনাস্থলীৰ পৰা । জদ্ব কৰা কাঠ খিনিৰ প্ৰায় মুল্য ১ লাখ টকা বুলি জানিবলৈ দিয়ে অভিয়ানকাৰী দলটোৱে ৷ আনহাতে জব্দ কৰা কাঠ সহ গাড়ীখন গোলাঘাট বন বিভাগে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ যায় ৷ লকডাউনৰ সুযোগ লৈ একাংশ বন মাফিয়াই গোলাঘাটৰ বন বিভগৰ চকুত ধুলি দি চলাই আহিছিল এনেদৰে অবৈধ ব্যৱসায় বুলি বন বিভাগৰ দলটিয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ ফনীভূষণ চৌধুৰীৰ সৈতে জিলা কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল