ETV Bharat / state

বাঘ ঔ বাঘ : পুলিবৰৰ জনাঞ্চলত দিন দুপৰতে বনৰজাৰ বিচৰণ - নাহৰফুটুকীৰ মুক্ত বিচৰণ

বনৰজাৰ ত্ৰাসত ত্ৰস্তমান গোলাঘাটৰ পুলিবৰ নৰাগাঁও বাসী । খাদ্যৰ সন্ধানত দিনে-নিশাই জনাঞ্চললৈ ওলাই আহে নাহৰফুটুকী । টাইগাৰ জ'নলৈ পৰ্যবসিত হৈছে অঞ্চলটো । কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ শিহৰণকাৰী দৃশ্য ।

golaghat tiger terror
golaghat tiger terror
author img

By

Published : Apr 12, 2021, 12:29 PM IST

Updated : Apr 12, 2021, 12:54 PM IST

গোলাঘাট, ১২ এপ্ৰিল: জীৱনৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে গোলাঘাটৰ পুলিবৰ নৰাগাঁৱৰ ৰাইজ । নাহৰফুটুকীৰ মুক্ত বিচৰণে চকুৰ টোপনি হৰিছে অঞ্চলবাসীৰ । নিশাতো দূৰৰে কথা দিনতো ঘৰৰ পৰা ওলাবলৈ ভয় কৰে পুলিবৰ নৰাগাঁৱৰ ৰাইজে । বিগত কেইবছৰমান ধৰি খাদ্যৰ সন্ধানত অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে নাহৰফুটুকীয়ে ।

ক্ৰমান্বয়ে টাইগাৰ জ'নলৈ পৰিৱৰ্তিত অঞ্চলটোত এইবাৰ বাঘৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী হ'ল মোবাইলৰ কেমেৰাত । উল্লেখ্য যে, বিগত দুটা বছৰৰ ভিতৰত উক্ত অঞ্চলটোৰ পৰা বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ হৈছে ৯টা বাঘ । অঞ্চলটোত বৰ্তমানেও বহু বাঘ থকাৰ কথা সদৰি কৰিছে স্থানীয় লোকে ।

নৰাগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি নাহৰফুটুকীয়ে গৰু, ছাগলী নিধন কৰি আহিছে । ফলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে । পথাৰ, মানুহৰ ঘৰৰ পিচফালৰ বাৰীত প্ৰৱেশ কৰি নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে । এনেদৰে বাৰে বাৰে বাঘে অঞ্চলটোত বিচৰণ কৰাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসীক ।

লগতে পঢ়ক:ক’লা বজাৰত চলিছে নীলা কেৰাচিনৰ বেহা : ক’ত ?

Last Updated : Apr 12, 2021, 12:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.