ETV Bharat / state

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ পৰিকল্পিত হত্যাৰ সন্দেহ

গোলাঘাটৰ মৰঙি সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টাটা চুমু আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈ দাউ দাউকৈ জ্বলি উঠে এখন টাটা চুমু ৷ গাড়ীৰ ভিতৰতে এজন লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু ৷

author img

By

Published : Sep 26, 2019, 10:35 AM IST

গোলাঘাটত পথ দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড?

গোলাঘাট, 26 ছেপ্টেম্বৰঃ বুধবাৰে নিশা গোলাঘাটৰ মৰঙি সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ টাটা চুম' আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত দাউ দাউকৈ জ্বলি উঠিল টাটা চুম' খন ৷ এই দুৰ্ঘটনাটোত মুঠ 3 জন লোক নিহত হয় ৷ ইয়াৰ ভিতৰত দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজন লোকৰ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷

গোলাঘাটত পথ দুৰ্ঘটনা

তথ্যনুসৰি আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ 6 জন বিষয়া-কৰ্মচাৰী AS-01DJ-0801 নম্বৰৰ টাটা চুম' খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল ৷ তেনে সময়তে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁৱত বিপৰীত দিশৰ পৰা অহা NL-05G-1049 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে টাটা চুম' খনৰ মুখামুখি সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পাচতেই মুহুৰ্ততে টাটা চুম'খন জ্বলি যায় ৷ আৰু ইয়াৰ বিপৰীতে ডাম্পাৰ খনৰ কেৱল পাচৰ চকা কেইটা জ্বলে যদিও গাড়ীখন ৰক্ষা পৰে ৷ জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম' খনৰ ভিতৰতে ৰমেন বনজাং নামৰ এজন কনিষ্টবল অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবং চাৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে আবকাৰী বিভাগৰ সহপৰিদৰ্শক হৰেকৃষ্ণ কুমাৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ সম্প্ৰতি মুঠ 6 জনৰ ভিতৰত অন্য তিনিজন চিকিৎসাধীন অৱস্থাত আছে ৷ আহত লোক কেইজনৰ ভিতৰত তানু ইনজাল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে জাহিদুল হক (চিপাঝাৰ) আৰু চুমু খনৰ চালক কে ৰাহুল সিং ( শিলচৰ) গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

উল্লেখ্য যে আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু টনু ইনজালৰ ভাষ্য অনুসৰি আবকাৰী আয়ুক্তৰ নিৰ্দেশ মতে দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল ৷ দলটোৱে গোলাঘাট আবকাৰী বিভাগৰ লগত দিনৰ 4:30 বজাত কথা পাতি নিশা এক গোপন অভিযানৰ বিষয়ে জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আবকাৰী দল বিচাৰিছিল ৷ কিন্তু তেওঁলোকে বিচৰা আবকাৰী দলটোক নোলোৱাকৈয়ে গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা গুৱাহাটীৰ দিশে ওলাই গৈছিল । অৱশ্যে আবকাৰী বিভাগৰ চোৰাংচোৱাৰ দলটো কি বিশেষ কামত গোলাঘাটলৈ আহিছিল সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ একাংশই অভিযোগ কৰা অনুসৰি অবৈধ ভাৱে সৰবৰাহ হৈ থকা অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ'ল এই সকল আবকাৰী বিষয়া কৰ্মচাৰী ৷ কিয়নো টাটা চুম'খন জ্বলি ভস্মীভূত হোৱাৰ বিপৰীতে ডাম্পাৰখনৰ বিশেষ একো ক্ষতি হোৱা নাই ৷ আৰু এই ঘটনাত ডাম্পাৰ খন পথাৰলৈ নামি পৰে আৰু চালক-হেণ্ডিমেনে পলায়ন কৰে ৷ ইপিনে গোলাঘাটৰ আবকাৰী দলটোক সাজু হৈ থাকিবলৈ কৈ কিয় একো কথা নজনোৱাকৈ গুৱাহাটীৰ দলটো গোলাঘাটৰ পৰা ওলাই গৈছিল সেইয়াও এতিয়া ৰহস্যৰ আৱৰ্তত ৷

Intro:Body:মাজ নিশা গোলাঘাটৰ মৰঙি সাৰৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাৰ পিছতে দাউ দাউকৈ জ্বলিল এখন টাটা চুম । টাটা চুম আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত ঘটনাস্থলীতে মৃত্যু হয় দুজনৰ। দুজনৰে এজন জ্বলি চাই হয়। আনহাতে আৱকাৰী বিভাগৰ সহপৰিদৰ্শক হৰেকৃষ্ণ কুমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। অন্য তিনিজন সম্প্ৰতি চিকিৎসাধীন। আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবংচা ( SAMU MAIBONGSA) ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে গাড়ীৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হয় ৰমেন বনজাং (ROMEN BONJANG) নামৰ এজন কণিষ্টবল। টাটা চুম খনৰ যাত্ৰী সকল আছিল আবকাৰী চোৰাংচোৱা বিভাগৰ বিষয়া কৰ্মচাৰী। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা টাটা চুম খনত বিপৰীত দিশৰ পৰা আহি থকা ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জুই লাগে টাটা চুম খনত । জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম খনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৰমেন বনজাংৰ । AS_01_DJ_0801 নম্বৰৰ টাটা চুম খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল আৱকাৰী চোৰাংচোৱা বিভাগৰ মুঠ ৬ জন বিষয়া কৰ্মচাৰী । বিপৰীত দিশৰ পৰা অহা NL_05_G_1049 নম্বৰৰ ডাম্পাৰৰ সৈতে 39 নং ৰাষ্ট্ৰীয় ঘাই পথৰ সাৰৰ গাঁৱত মুখামুখি সংঘৰ্ষ হয় । চুমুখন ভস্মীভূত হোৱাৰ লগতে ডাম্পাৰ খনৰ কেৱল পাছৰ চকা কেইটা জ্বলে যদিও গাড়ীখন ৰক্ষা পৰে। মুঠ ৬ জনৰ ভিতৰত অন্য ৪ জন গুৰুতৰ ভাৱে আহত হৈ গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত ইয়াৰে হৰেকৃষ্ণ কুমাৰ আৰু তানু ইনজালক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নিশাই JMCH লৈ প্ৰেৰণ কৰা হয়। যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় হৰেকৃষ্ণ কুমাৰৰ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জাহিদুল হক (মৰুৱাকুচি,চিপাঝাৰ) আৰু চালক কে ৰাহুল সিং ( শিলচৰ, কাছাৰ)। উল্লেখ্য যে আঘাতপ্ৰাপ্ত জাহিদুল হক আৰু টনু ইনজালৰ ভাষ্য অনুসৰি আৱকাৰী আয়ুক্তৰ নিৰ্দেশ অনুসৰি দলটো যোৰহাট হৈ গোলাঘাটত উপস্থিত হৈছিল। গোলাঘাট আৱকাৰী বিভাগৰ লগত দিনৰ 4:30 বজাত কথা পাতি নিশা গোপন অভিযানৰ বিষয়ে জনাইছিল আৰু গোলাঘাটৰ পৰা এটা আৱকাৰী দল বিচাৰিছিল। কিন্তু আৱকাৰী দলটোক নোলোৱাকৈয়ে গুৱাহাটীৰ দলটো গোলাঘাট আৱৰ্ত ভৱনৰ পৰা ওলাই গৈছিল গুৱাহাটীৰ দিশে। কিন্তু এই পৰ্যন্ত আবকাৰী বিভাগৰ চোৰাংচোৱাৰ এই দলটো কি বিশেষ কামত গোলাঘাটলৈ আহিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। একাংশই অভিযোগ কৰা অনুসৰি অবৈধ ভাৱে সৰবৰাহ হৈ থকা অৰুনাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পৰিকল্পিত হত্যাকাণ্ডৰ বলি হল নেকি এই সকল আবকাৰী বিষয়া কৰ্মচাৰী। যিহেতু টাটা চুমখন জ্বলি ভস্মীভূত হোৱাৰ বিপৰীতে ডাম্পাৰখনৰ বিশেষ একো ক্ষতি হোৱা নাই। এই ঘটনাত ডাম্পাৰ খন পথাৰলৈ নামি পৰে আৰু চালক হেণ্ডিমেনে পলায়ন কৰে। গোলাঘাটৰ আৱকাৰী দলটোক সাজু হৈ থাকিবলৈ কৈ কিয় একো কথা নজনোৱাকৈ গুৱাহাটীৰ দলটো গোলাঘাটৰ পৰা ওলাই গৈছিল সেইয়াও ৰহস্যৰ আৱৰ্তত।Conclusion:Byte 1:
Byte 2:
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.