গোলাঘাট,2আগষ্টঃ গাড়ীৰ ভিতৰত এগৰাকী অসহায় যুৱতী ৷ আগৰ চিটত বহি থকা লোকজনে বাৰে বাৰে লগাইছে আন কাৰোবালৈ ফোন ৷ তাৰ পাচত লোকজনক উদ্দেশ্যি এজনে দিলে মাৰধৰ কৰাৰ ভাবুকি ৷ পিচে নিশা এনেদৰে গাড়ী আগুচি পৰিস্থিতি উত্তাল কৰাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি ৷ চাওক এই প্ৰতিবেদনঃ
ষষ্ঠ বিবাহত বিধি পথালি পঞ্চম পত্নীৰ - assam
বৃহস্পতিবাৰে নিশা গোলাঘাটৰ ৰাজপথত উত্তপ্ত পৰিস্থিতি। এখন বিবাহক কেন্দ্ৰ কৰি ৰাজপথতেই সূচনা হল নাটকৰ । ৰাজপথতে গাড়ী আগুচি হুলস্থুল দৰাৰ পঞ্চম পত্নীৰ।
ষষ্ঠবাৰ বিয়া কৰাবলৈ গৈ পঞ্চম পত্নীৰ ৰোষত স্বামী
গোলাঘাট,2আগষ্টঃ গাড়ীৰ ভিতৰত এগৰাকী অসহায় যুৱতী ৷ আগৰ চিটত বহি থকা লোকজনে বাৰে বাৰে লগাইছে আন কাৰোবালৈ ফোন ৷ তাৰ পাচত লোকজনক উদ্দেশ্যি এজনে দিলে মাৰধৰ কৰাৰ ভাবুকি ৷ পিচে নিশা এনেদৰে গাড়ী আগুচি পৰিস্থিতি উত্তাল কৰাৰ কাৰণ জানিলে আচৰিত হ'ব আপুনি ৷ চাওক এই প্ৰতিবেদনঃ
Intro:নিশা গোলাঘাট ৰাজপথত উত্তপ্ত পৰিস্থিতি। গোলাঘাটত নিশা এগৰাকী মহিলাক বিয়া কৰাবলৈ আনি পঞ্চম পত্নীৰ ৰোষত পৰিল লম্পট স্বামী। ৰাজপথতে গাড়ী আগুচি হুলস্থুল পঞ্চম পত্নীৰ। ৬ নং পত্নী কৰিবলৈ কাজি অফিচত হাজিৰ হোৱাৰ সময়তে উত্তপ্ত পৰিস্থিতি।
Body:সমগ্ৰ ভাৰতবৰ্ষতে তিন তালাকক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাৰ সময়ত গোলাঘাটত ষষ্ঠ পত্নীৰ স্বীকৃতি দিবলৈ আনি পঞ্চম পত্নী আৰু ৰাইজৰ ৰোষত পৰিল এজন স্বামী। গাড়ীৰ ভিতৰতে এহাল পুৰুষ মহিলা আবদ্ধ। গাড়ীৰ ভিতৰত আবদ্ধ পুৰুষ জন কোনো এলা পচা মানুহ নহয়। এঁওৰ মন বিশ্ব অভিলেখ গড়াৰ, কিন্তু আধাবাটতে পঞ্চম নং পত্নীয়ে দিলে বাধা। ব্যক্তিজনৰ নাম ৰাজীৱ আলি, ঘৰ গোলাঘাট মেৰাপানীৰ ইছলামপুৰত। মহিলাক পত্নীৰ স্বীকৃতি দি বিশ্ব অভিলেখ গঢ়াৰ এঁওৰ মন। পূৰ্বতে ৫গৰাকী বিবাহ কৰি বিভিন্ন কাৰণত আতৰি থকা ৰাজীৱ আলিয়ে এইবাৰ গুৱাহাটীৰ পৰা সঞ্জু বেগম নামৰ এগৰাকী মহিলাক বিয়া কৰাবলৈ গোলাঘাট লৈ আনে। গোলাঘাট টেনপুৰ স্থিত কাজি অফিচত নিকাহৰ বাবে যাওঁতেই ৰোষত পৰিল পঞ্চম পত্নীৰ। প্ৰায় এক ডেৰ ঘন্টা পথত লম্পট ৰাজীৱ আলি আৰু ষষ্ঠ পত্নীৰ গাড়ী আগুচি ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশেষত গোলাঘাট আৰক্ষীয়ে গাড়ীৰ সৈতে ৰাজীৱ আলি আৰু পত্নীৰ স্বীকৃতি দিবলৈ অনা ষষ্ঠ পত্নীক আৰক্ষী থানালৈ লৈ যায়। ভাৰত চৰকাৰে তিন তালাকক নিষিদ্ধ কৰাৰ আইন প্ৰস্তুত কৰাত ব্যস্ত কৰি থকাৰ সময়ত লম্পট ৰাজীৱ আলিৰ নতুন কৌশলক কি দৰে নাকি লগাবলৈ চেষ্টা কৰিব সেয়াই হব লক্ষণীয়।
Conclusion:Byte 1: পঞ্চম পত্নী।
Byte 2: লম্পট ৰাজীৱ আলি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।