ETV Bharat / state

সৰুপথাৰত ধনশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং - golaghat

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলতে উফন্দি উঠিছে ধনশিৰি নদী । যাৰ বাবে শংকিত সৰুপথাৰ ধনশিৰি নদীৰ কাষৰীয়া অঞ্চলসমূহ । আনহাতে ধনশিৰি নদীৰ বাঢ়নী পানীয়ে শুকুৰবাৰে নিশা টেঙানী ঔগুৰি আলিচিঙাৰ বাঁহৰ দলংখন উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ।

সৰুপথাৰ
সৰুপথাৰত ধনশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং
author img

By

Published : May 30, 2020, 8:28 PM IST

সৰুপথাৰ, ৩০ মে': বিগত কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ধনশিৰি নদী । যাৰ ফলত নদীখনৰ বাঢ়নী পানীয়ে কাষৰীয়া গাঁৱসমূহলৈ কঢ়িয়াই আনিছে ভাবুকি । দুদিন পূৰ্বে সৰুপথাৰৰ নাওজানৰ নেপেৰপেটি ঘাটৰ বাঁহৰ দলংখন উটোৱাই নিয়াৰ পাচতে শুকুৰবাৰে নিশা টেঙানী ঔগুৰি আলিচিঙাৰ বাঁহৰ দলংখনো ধনশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে । ফলত বিপদত পৰিছে অঞ্চলবাসী ৰাইজ ।

সৰুপথাৰত ধনশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং

উল্লেখ্য যে, টেঙানী অঞ্চলৰ ৪২ খন গাঁৱৰ লোকে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছিল দলঙখন । আৰু এই দলঙখনেৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ অহাৰ উপৰিও অন্য ঠাইলৈ যাতায়ত কৰি আহিছিল অঞ্চলবাসীয়ে । কিন্তু শুকুৰবাৰে নিশা বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে স্থানীয়ই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.