গোলাঘাট, ২২ ফেব্ৰুৱাৰী : গোলাঘাটত সোমবাৰে চাহ মজদুৰ সংঘই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ আভুৱা ভৰাৰ অভিযোগ তুলি চাহ মজদুৰ সংঘই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে গোলাঘাট নগৰৰ মাজেৰে সমদল বাহিৰ কৰি উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷
চাহ মজদুৰ সংঘই তেওঁলোকৰ ১১ দফীয়া দাবী শীঘ্ৰে পূৰণৰ বাবে চৰকাৰক দাবী জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা