ETV Bharat / state

কদৰ্যময় পৰিৱেশত দুৰ্বিসহ জীৱন কটাইছে ৰাণু মণ্ডলে..

author img

By

Published : Aug 17, 2020, 8:08 PM IST

গোলাঘাটৰ দুগৰাকী ভগ্নীৰ জীৱনৰ কৰুণ কাহিনী ৷ বোকা পানীৰ মাজতেই বিগত 6 মাহৰ পৰাই বসবাস কৰিছে তেওঁলোক ৷ বছৰ বছৰ ধৰি উপেক্ষিত চৰকাৰ তথা প্ৰশাসনৰ পৰা ৷ সহায় বিচাৰিছে চৰকাৰ তথা প্ৰশাসনৰ পৰা ৷

Golaghat Poor Woman Sad story
বোকাৰ মাজত কষ্টকৰ জীৱন অতিবাহিত ৰাণু মণ্ডলৰ

গোলাঘাট, 17 আগষ্ট : নিশাটোৰ ভিতৰতে চচিয়েল মিডিয়াত গীত গাই জনপ্ৰিয় হৈ পৰা ৰাণু মণ্ডলৰ কথা সকলোৱে জানে ৷ কেতিয়াবা ফুটপাত, কেতিয়াবা ৰে'লৱে ষ্টেচনত গীত গাই পেটৰ ভোক মোকলাই অহা ৰাণু মণ্ডলৰ গীতে মোহিত কৰিছিল সকলোকে ৷ কিন্তু পোহৰলৈ আহিছে অসমৰ এগৰাকী ৰাণু মণ্ডলৰ বাস্তৱ কাহিনী ৷ মানসিকভাবে বিকাৰগ্ৰস্ত ভগ্নীৰ সৈতে দুৰ্বিসহ জীৱন কটাই নৰক সদৃশ পৰিৱেশত বসবাস কৰিছে ৰাণু মণ্ডল নামৰ গোলাঘাটৰ মহিলা গৰাকীয়ে ৷

গোলাঘাট নগৰৰ 6 নং ৱাৰ্ডৰ কৃষ নগৰত এক কদৰ্যময় পৰিৱেশত বসবাস কৰা মহিলা গৰাকীৰ বাসস্থান বুলিবলৈ আছে মাত্ৰ এটা জৰাজীৰ্ণ ঘৰ ৷ পিতৃ-মাতৃৰ মৃত্যুৰ পিচত স্থানীয় লোকৰ ককৰ্থনা আৰু প্ৰৱঞ্চনাৰ বলী হোৱা দুই ভগ্নীয়ে ঘৰৰ ভিতৰত একাঠু বোকা পানীৰ মাজতেই অতিবাহিত কৰিছে দিন ৷ আনকি, বিগত 6 মাহৰ পৰা ঘৰৰ ভিতৰত বোকা পানী পৰিপূৰ্ণ হৈ থকাৰ বাবে ভাত ৰান্ধিব নোৱাৰি চিৰা, মুৰি, বিস্কুত খাইয়ে ভোক নিবাৰণ কৰিছে দুই ভগ্নীয়ে ৷

কিন্তু কাৰোয়ে যে খবৰ ল'বলৈ আহৰি নাই দুই ভগ্নীৰ ৷ বছৰ-বছৰ ধৰি উক্ত স্থানত বসবাস কৰা দুই ভগ্নীয়ে উপেক্ষিত হৈ আছে স্থানীয় হৃদয়বান লোক তথা জনপ্ৰতিনিধিৰ পৰা ৷ গোলাঘাট পৌৰসভাক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো আজিকোপতি তেওঁলোকে লাভ নকৰিলে চৰকাৰী আৱাস, ৰন্ধন গেছ তথা বিদ্যু সেৱা ৷ চৰকাৰীভাবে পোৱা চাউল কেইটা বিক্ৰী কৰি দুই ভগ্নীয়ে চিৰা, মুৰি, বিস্কুত খাইয়ে নিবাৰণ কৰিছে ভোক ৷ যাৰবাবে বৰ্তমান হৃদয়বান লোক তথা চৰকাৰ-প্ৰশাসনৰ পৰা সহায় বিচাৰিছে দুই ভগ্নীয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰখনে শাসনৰ বাঘজৰী হাতত লোৱাৰে পৰাই দৰিদ্ৰ লোকৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু আজিকোপতি এই সকল লোকে কিয় চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ৷ আমাৰ এই প্ৰতিবেদন প্ৰত্যক্ষ কৰাৰ পিচত আগবাঢ়ি আহিব নে জিলা প্ৰশাসন তথা হৃদয়বান লোক ৷ লাভ কৰিব নে চৰকাৰী সাহাৰ্য তথা হৃদয়ৱান লোকৰ এধানি অনুকম্পা সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ৷

লগতে পঢ়ক : লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.