গোলাঘাট, 26 জুন : গোলাঘাটৰ ৰঙাজান পাৰিজাত ছ'চিয়েল হেল্পলাইন নামৰ বেচৰকাৰী সংগঠনটোৰ কাৰ্যালয়টোত আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বেচৰকাৰী সংগঠনটোৱে আধাৰ কাৰ্ড বনাই দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা ৩০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে কেইবাগৰাকী লোকে ৷ উল্লেখযোগ্য, ক’ভিড (Covid 19) পৰিস্থিতিৰ বাবে সাময়িকভাবে আধাৰ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিছিল চৰকাৰে । চৰকাৰে পুনৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পিছত আধাৰৰ নামত ধনৰ ব্যৱসায় চলাইছে পাৰিজাত ছ'চিয়েল হেল্পলাইন নামৰ বেচৰকাৰী সংগঠনটোৱে ।
আনহাতে ৰাইজৰ অভিযোগ অনুসৰি মৰঙী ৰাজহ চক্ৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে উক্ত কাৰ্যালয়টোত গৈ উদ্যোক্তাসকলক এই সন্দৰ্ভত সকিয়নী প্ৰদান কৰিছে ।
লগতে পঢ়ক : নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন