ETV Bharat / state

Raid against illegal saw mills:দেৰগাঁৱত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান - অৱৈধ কাঠফলা কল উচ্ছেদ

দেৰগাঁৱত গঢ়ি উঠা অবৈধ কাঠফলা কল উচ্ছেদ বন বিভাগৰ । মেচিনসহ বহু মূল্যৱান কাঠ জব্দ কৰে বন বিভাগৰ দলে ।

Timber smuggling in Assam
অৱৈধ কাঠফলা কল উচ্ছেদ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:16 PM IST

অৱৈধ কাঠফলা কল উচ্ছেদ

যোৰহাট, ৭ নৱেম্বৰ: দেৰগাঁৱত খণ্ড বন বিষয়া আৰু জিলা বন বিষয়াৰ নেতৃত্বত আজি বন বিভাগে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান চলায় । দীৰ্ঘদিন ধৰি দেৰগাঁৱৰ দেৱীথান নাককাটী মংগলবৰীয়া বজাৰ সমীপত একাংশ দুষ্ট চক্ৰই বনবিভাগৰ অনুমতি বিহীনভাৱে এই সমূহ কল চলাই আহিছিল । ফলত অবাধ হাৰত বন ধ্বংসযজ্ঞত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উথাপিত হৈ আহিছে । আজি বন বিভাগৰ দলটোৱে উক্ত স্থানৰ অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰে ।

উক্ত অভিযানকালত বন বিভাগৰ দলে অবৈধভাৱে গঢ়ি উঠা কল সমূহ উচ্ছেদ চলাই মেচিনসহ বহু মুল্যৱান কাঠৰ কুণ্ডা জব্দ কৰে বুলি সদৰী কৰিছে খণ্ড বন বিষয়া আৰু জিলা বন বিষয়াই । উল্লেখ্য যে দেৰগাৱঁৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু দুষ্ট চক্ৰই কাষৰীয়া অঞ্চলত অবাধ হাৰত বন ধ্বংসত লিপ্ত হৈ অতি কৌশলেৰে গোপন স্থানত এই কাঠ ফলা কল সমূহ স্থাপন কৰি কাঠৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল ।

লগতে পঢ়ক:1950 Major Earthquake: ১৯৫০ ৰ বৰভূঁইকপৰ বিভীষিকাৰ স্বাক্ষৰ আজিও জীয়া হৈ আছে লখিমপুৰৰ এটা ঐতিহাসিক ঘৰত

দীৰ্ঘদিন ধৰি চলি থকা এই কল সমূহৰ বিৰুদ্ধে হঠাৎ পদক্ষেপ গ্ৰহণ কৰে দেৰগাঁও আৰু গোলাঘাট বন বিভাগৰ দলে । আনহাতে,দেৰগাঁৱৰ বহু স্থানত এনেধৰণ বহু অবৈধ কাঠফলা কল চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । উক্ত কল সমূহৰ বিৰুদ্ধে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী লোক আৰু সচেতন মহলে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ লোকক মেনেজ কৰি ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছিল । শেহতীয়াভাৱে বন বিভাগৰ লোক কঠোৰ হৈ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলাই কলসহ বৃহৎ পৰিমাণৰ কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Lok Sabha Election 2024 : বিজেপিৰ লগত একেটা পৰিয়ালৰ লগত আছো যিহেতু এডজাষ্টমেন্ট কৰিবই লাগিব : অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.