ETV Bharat / state

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ONGCৰ তৈল খাদত চকু আগ্ৰাসী নগাৰ

author img

By

Published : Jun 16, 2021, 7:14 PM IST

অ’এনজিচি (ONGC) ৰ যোৰহাট চিনামাৰাস্থিত কাৰ্যালয়লৈ ১ জুনত নাগালেণ্ড প্ৰশাসনে (Nagaland Administration) জাননী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । উৰিয়ামঘাটৰ পিহেখু, ট’কিচে, নিকেহি নামৰ গাঁও কেইখনত থকা তৈলখাদ বন্ধৰ দাবী তুলিলে নাগালেণ্ড প্ৰশাসনে (Nagaland Administration) ।

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ONGCৰ তৈল খাদত চকু আগ্ৰাসী নগাৰ
অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ONGCৰ তৈল খাদত চকু আগ্ৰাসী নগাৰ

সৰুপথাৰ, 16 জুন : গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অসম-নগালেণ্ড সীমান্ত (Assam Nagaland Border)ৰ অ’এনজিচি (ONCG)ৰ তৈলখাদত চকু আগ্ৰাসী নগাৰ । অসমৰ ভূমি দখল কৰাৰ পাচতে এইবাৰ অ’এনজিচি (ONGC) ৰ খনন আৰু উৎপাদনত বাধা প্ৰদান কৰিছে নাগালেণ্ড প্ৰশাসনে (Nagaland Administration) ।

উল্লেখযোগ্য যে, এই সন্দৰ্ভত অ’এনজিচি (ONGC)ৰ যোৰহাট চিনামাৰাস্থিত কাৰ্যালয়লৈ ১ জুনত নাগালেণ্ড প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে । উৰিয়ামঘাটৰ পিহেখু, ট’কিচে, নিকেহি নামৰ গাঁও কেইখনত থকা তৈলখাদ বন্ধৰ দাবী তুলিলে নাগালেণ্ড প্ৰশাসনে । তৈল খাদ কেইটা নাগালেণ্ডৰ ভূমিত থকা দাবী নগা প্ৰশাসন (Nagaland Administration) ৰ । নাগালেণ্ড প্ৰশাসন (Nagaland Administration)ৰ অনুমতি অবিহনে ONGC য়ে খনন, উৎপাদন কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

ASSAM NAGALAND BORDER

এই নিৰ্দেশনা পোৱাৰ পিছত তৈলখাদকেইটাৰ উৎপাদন বন্ধ ৰাখিছে অ’এনজিচি (ONGC) য়ে । নাগালেণ্ড প্ৰশাসনৰ নিৰ্দেশনাৰ পাচতো এতিয়া সৰৱ নিউলেণ্ডৰ গাঁওবুঢ়াসকল । কোনো কাৰণতে অ’এনজিচি (ONGC) খনন আৰু উৎপাদন কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে তেঁওলোকে ।

তাৰমাজতে বুধবাৰে সৰুপথাৰৰ সাংবাদিকৰ এটা দল আৰু কেইবাটও জাতীয় সংগঠনৰ নেতাই নিকেহে বস্তিত থকা ড্ৰিলিং চাইডৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত নিকেহে বস্তিৰ গাঁওবুঢাৰ পুত্ৰই সাংবাদিক ফটো লোৱাত বাধা প্ৰদান কৰে। ইয়াৰ উপৰিও উক্ত স্থানলৈ যোৱা সাংবাদিকক নগা উগ্ৰপন্থীৰো ভয় দেখুৱাই । উক্ত স্থান নাগালেণ্ডৰ বুলি যুৱকজনে দাবী কৰে । সম্প্ৰতি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসম-নাগালাণ্ড সীমান্তত ।

লগতে পঢ়কঃ দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.