গোলাঘাট, 26 মে’: গোলাঘাট জিলাৰ নুমলীগড়ৰ ৫ নং ৰংবঙত নিশা বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকে অঞ্চলটোত ওৰেৰাতি উপদ্ৰৱ চলাই বাসগৃহ লণ্ডভণ্ড কৰে ।
হাতীৰ জাকটোৱে ভুক্তভোগী পৰিয়ালটোৰ ঘৰৰ ভিতৰত থকা খাদ্য সামগ্ৰীৰ লগতে ঘৰৰ ভিতৰৰ বিচনা, টেবুল, চকী আৰু লগতে বহুতো বস্তু লণ্ডভণ্ড কৰি বাসগৃহটোৰ ক্ষতিসাধন কৰে ৷ কথমপিহে প্ৰাণৰক্ষা পৰে পৰিয়ালৰ লোকসকলৰ ৷
আনহাতে, হাতীৰ আক্ৰমণৰ পৰা অঞ্চলবাসীক নিৰাপত্তা দিয়াত বনবিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিযোগ গাওঁবাসীৰ । হাতী মানুহৰ সংঘাতৰ ভয়াৱহ পৰিস্থিতিয়ে সকলোকে আতংকিত কৰি তুলিছে ৷
লগতে পঢ়ক : এলডিচিএমএলৰ উপাধ্যক্ষ পবিত্ৰ দলেক আটক