ETV Bharat / state

সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী

author img

By

Published : Oct 26, 2021, 8:03 AM IST

গোলাঘাট জিলাৰ সৰুপথাৰত বিপদজনকভাৱে বহু ঠাইত ওলমি আছে বিদ্যুতৰ তাঁৰ ৷ বৃহত্তৰ অঞ্চলটোৰ বহু ঠাইত আজিও বাঁহৰ খুঁটাতে সংযোগ স্থাপন কৰা হৈছে বিদ্যুতৰ ৷ সৰুপথাৰ শক্তি বিতৰণ কেন্দ্ৰৰ উপ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ অন্তৰ্গত বহু এলেকাত আজি সুলভ হৈ পৰিছে এনে দৃশ্য ৷

সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ

সৰুপথাৰ, 26 অক্টোবৰ : অসম চৰকাৰৰ অধীনষ্ঠ এটা অন্যতম গুৰুত্বপূৰ্ণ বিভাগ হৈছে শক্তি বিভাগ ৷ শক্তি মন্ত্ৰী বিমল বৰাৰ অধীনষ্ঠ বিভাগটো পূৰ্বতকৈ অধিক কাৰ্যক্ষম হোৱা বুলি সংবাদ মাধ্যমত ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে ৷ বিশেষকৈ নতুন চৰকাৰৰ দপ্তৰ বিতৰণৰ পিছতে শক্তি মন্ত্ৰীগৰাকীয়ে বিভাগটোক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছিল ৷ বিভাগৰ অধীনত সেৱা গ্ৰহণ কৰি থকা অধিকাংশ লোকৰ অনাদায় বিদ্যুৎ মাচুল, বিদ্যুৎ চুৰি আদিৰ বিৰুদ্ধে মন্ত্ৰী গৰাকীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাও দেখা গৈছিল ৷ কিন্তু বিভাগটোৱে প্ৰয়োজনীয় সেৱা আগবঢ়াইছে জানো ৷ 24 ঘণ্টাই বিদ্যুৎ সেৱা প্ৰদানৰ আশ্বাস প্ৰদান কৰাৰ পিছতে প্ৰকৃততে কিমান ঘণ্টা ৰাইজে বিদ্যুতৰ সেৱা লাভ কৰে, সেয়াহে আজিৰ দিনত গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

পিছে গোলাঘাট জিলাৰ সৰুপথাৰত বিপদজনকভাৱে বহু ঠাইত ওলমি আছে বিদ্যুতৰ তাঁৰ ৷ বৃহত্তৰ অঞ্চলটোৰ বহু ঠাইত আজিও বাঁহৰ খুঁটাতে সংযোগ স্থাপন কৰা হৈছে বিদ্যুতৰ ৷ সৰুপথাৰ শক্তি বিতৰণ কেন্দ্ৰৰ উপ প্ৰৱন্ধকৰ কাৰ্যালয়ৰ অন্তৰ্গত বহু এলেকাত আজি সুলভ হৈ পৰিছে এনে দৃশ্য ৷ তাৰপিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ সৰুলাংঠা নামৰ গাঁৱখনত এনেকৈয়ে দীৰ্ঘদিনৰ পৰা চলি আহিছে বিদ্যুত সেৱা ৷ পকী খুঁটাৰ সলনি বাঁহৰ খুঁটাতে সংযোগ স্থাপন কৰা হৈছে বিদ্যুতৰ ৷

তদুপৰি গাঁৱখনৰ বহু স্থানত হাতেৰে ঢুকি পোৱা অৱস্থাতে আছে বিদ্যুত পৰিবাহী তাঁৰ ৷ যাৰ দ্বাৰা কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ৷ সম্প্ৰতি উক্ত অঞ্চলত বিদ্যুত সেৱা ৰাইজৰ কল্যাণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাৰ সলনি একপ্ৰকাৰ মৰণফান্দলৈহে পৰিণত হোৱা দেখা গৈছে ৷ ইয়াৰ পিছতো কিন্তু গা লৰা নাই বিমল বৰা নেতৃত্বাধীন শক্তি বিভাগৰ ৷ ইতিপূৰ্বে স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছে ৷ কিন্তু বিভাগীয় কৰ্মচাৰীয়ে দায়সৰা মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কটা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

সেয়ে বিভাগীয় মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত হস্তক্ষেপ কৰি বিষয়টো সমাধান কৰিব বুলি গাঁৱখনৰ লোকসকলে আশা প্ৰকাশ কৰিছে ৷

লগতে চাওক: আছুৰ নদীবান্ধ বিৰোধী আন্দোলনত উত্তাল ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.