গোলাঘাট,11 অক্টোবৰ: সাংসদ পল্লৱ লোচন দাসে চাহ শ্ৰমিকৰ বিষয়ত কৰা বিৰূপ মন্তব্যৰ পিছতে এতিয়া সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ সাংসদগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে দেওবাৰে গোলাঘাট জিলাৰ পোৰাবাংলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সন্থাটোৱে সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে আটছাৰ কেইবাগৰাকীও নেতাই ৷
লগতে চাওকঃ দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ