খুমটাই,19মে': সমগ্ৰ বিশ্ব এতিয়া কৰ'ণা ভাইৰাছৰ গৰাহত ৷ সংকটৰ এই সময়ত নিজৰ জীৱন ৰক্ষাৰ বাবে গৃহবন্দী সৰ্বসাধাৰণ ৰাইজ ৷তেনে সময়তে নিজৰ জীৱনক তুচ্ছ কৰি ২৪ ঘন্টাই ব্যস্ত হৈ আছে চিকিৎসা সেৱাৰ লগত জড়িত লোকসকল ৷ তাৰেই এক উদাহৰণ, গোলাঘাট জিলাৰ খুমটাইৰ ঐতিহ্যমণ্ডিত চিনাতলীৰ ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক মাধৱজ্যোতি বৰুৱা ৷ প্ৰায় 1মাহ ধৰি গোলাঘাটত কৰ'ণা আক্ৰান্ত সকলক চিকিৎসা সেৱা আগবঢ়াই আহিছিল চিকিৎসকগৰাকীয়ে ৷ চিকিৎসা সেৱাৰ অন্তত চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি গোলাঘাটৰ চৰাইদেউ ৰিজ'ৰ্টত কোৱাৰেণ্টাইনত আছিল চিকিৎসকগৰাকী ৷ ইয়াৰ পিছতে কোৱাৰেণ্টাইনৰ পৰা মুকলি হৈ আজি নিজৰ কৰ্তব্যত পুনৰ যোগদান কৰাৰ প্ৰাকমূৰ্হুতত বীৰৰ দৰে পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হয় 'কৰ'ণা সৈনিকগৰাকীক'৷ চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে পুষ্পবৰ্ষণ কৰাৰ লগতে গামোছাৰে সম্বৰ্ধনা জনায় চিকিৎসক মাধৱজ্যোতি বৰুৱাক ৷
আনহাতে,সমগ্ৰ বিশ্বতে COVID19 য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে চিকিৎসক, নাৰ্চ তথা অন্যান্য চিকিৎসা কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি যিদৰে সেৱা আগবঢ়াইছে তাৰেই পৰিপ্ৰেক্ষিতত কৰ্মীসকলক অধিক উৎসাহিত কৰিবলৈ এইদৰে চিনাতলীত পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে চিকিৎসালয় খনৰ পৰিচালনা সমিতিয়ে ৷
লগতে পঢ়কঃধুবুৰীত ভয়াৱহ পৰিস্থিতি, মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ