ETV Bharat / state

মৰণফাণ্ডলৈ পৰিণত গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথ - ৰাষ্ট্ৰীয় ঘাইপথ

বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ এনে দুৰৱস্থাৰ বাবে জিলাখনৰ থুৰামূখ, জুৰিয়া দলং , নামবৰ ৰিজাৰ্ভৰ মাজত নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ৷

মৰণফাণ্ডলৈ পৰিণত গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথ !
author img

By

Published : May 7, 2019, 10:49 AM IST

গোলাঘাট , 07 মে' : গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ এই পথটো মেৰামতি নকৰাৰ ফলত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা নামবৰ হৈ মণিপুৰৰ ম'ৰে পৰ্যন্ত যাতায়ত কৰা এই পথৰ জৰাজীৰ্ণ ৰূপৰ বাবে এতিয়া সাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷

মৰণফাণ্ডলৈ পৰিণত গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথ !

অসমৰ পৰা নাগালেণ্ড, মণিপুৰ হৈ ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আদি দেশলৈ সংযোগ থকা একমাত্ৰ স্থলপথ হৈছে এই 39 নং ৰাষ্ট্ৰীয় ঘাই থটো ৷ পথটোত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় কাৰ ৰেলীও হৈছিল ৷ কিন্তু কাৰ ৰেলীৰ পাচৰে পৰা ভাৰত তথা অসম চৰকাৰে পথটোৰ প্ৰতি দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ এনে দুৰৱস্থাৰ বাবে জিলাখনৰ থুৰামূখ, জুৰিয়া দলং , নামবৰ ৰিজাৰ্ভৰ মাজত নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ৷ ইপিনে ৰাষ্ট্ৰীয় ঘাই পথটোত সৃষ্টি হোৱা গাঁতত সোমবাৰে কেইবাখনো বাহন সোমাই পৰাত বহু সময় ধৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

Golaghat.07.05.2019
slug : as_glt_high way_vis1_7205572
as_glt_high way_deffered live_7205572
as_glt_high way_byte_7205572
O.C. : ৰাষ্ট্ৰীয় ঘাই পথ নহয় যেন মৰণফাণ্ডহে। গোলাঘাট জিলাৰ মাজেৰে যোৱা এচিয়াৰ প্ৰথমটো ঘাই পথ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাই এতিয়া সকলোকে কন্দুৱাইছে। পথ নহয় যেন পথাৰহে।  বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত পথটোত এতিয়া প্ৰকাণ্ড গাঁত, কেৱল দ দ গাঁত। এই গাঁতত সোমবাৰে কেইবাখনো গাড়ী সোমায় পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা নামবৰ হৈ মণিপুৰৰ ম'ৰে পৰ্যন্ত যাতায়ত কৰা এই পথৰ জৰাজীৰ্ণ ৰূপে এতিয়া কেৱল সকলোকে কন্দুৱাইছে। 
V.O. : গোলাঘাট জিলাৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথটো সমগ্র দেশৰ ভিতৰতেই এতিয়া বিধস্ত পথৰ ভিতৰত প্ৰথম স্থান লাভ কৰা পথ বুলি কলে হয়তু বঢ়াই কোৱা নহব। এই পথটো এতিয়া পথ নহয় যেন হাল বাই থোৱা পথাৰহে। এচিয়াৰ প্ৰথমটো ঘাই পথ হিচাপে নামকৰণ কৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাই এতিয়া সকলোকে কন্দুৱাইছে। বছৰ বছৰ ধৰি বিধস্ত হৈ পৰা পথটোৰ প্ৰতি সঁচাকৈয়ে যেন চৰকাৰৰ কোনো দ্বায়িত্ব নাই।  পথটোৰ অৱস্থা ইমানেই শোচনীয় যে নিতৌ সংঘটিত হৈ আহিছে বহু ঘটনা। গোলাঘাট জিলাৰ থুৰামূখ, জুৰিয়া দলং , নামবৰ ৰিজাৰ্ভৰ মাজত এতিয়া নিতৌ সংঘটিত হয় ঘটনা। পথটোৰ নিৰ্মাণ দুৰৈৰে কথা, এটা শিল দিবলৈও অপাৰগ ৰাষ্ট্ৰীয় ঘাই পথ বিভাগে। অসমৰ পৰা নাগালেণ্ড, মনিপুৰ হৈ ম্যানমাৰ, ব্ৰহ্মদেশ, থাইলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া, অকলেণ্ড আদি দেশলৈ সংযোগ থকা একমাত্ৰ স্থলপথ হৈছে এই ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথটো। যিটো পথেৰে দুবাৰকৈ আন্তৰাষ্ট্ৰীয় কাৰ ৰেলীও হৈছিল। সেইবাবেই পথটোক এচিয়াৰ প্ৰথমটো ঘাইপথ হিচাপে চিহ্নিত কৰিছিল। কিন্তু কাৰ ৰেলীৰ পিছৰে পৰা পথটোৰ প্ৰতি যেন দ্বায়িত্ব সামৰিলে ভাৰত তথা অসম চৰকাৰে। এতিয়া সকলোৰে মূখত এটাই কথা পৰিবৰ্তন কামী চৰকাৰৰ এইয়াই পৰিবৰ্তন নেকি।
Deffered Live_Diganta Sahu
Byte_1_ট্ৰাক চালক
Byte_ 2_স্থানীয় যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.