ETV Bharat / state

নুমলীগড়ৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথঃ আবদ্ধ ৰোগী কঢ়িওৱা বাহন

author img

By

Published : Mar 6, 2020, 1:23 PM IST

গোলাঘাটৰ নুমলীগড়ৰ অন্তৰ্গত বৰগৰীয়া অঞ্চলৰ এটা জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিছে স্থানীয় লোকলকলে ৷ জৰাজীৰ্ণ পথত আবদ্ধ হৈ ৰ'বলগীয়া হ'ল এখন ৰোগী কঢ়িয়াই নিয়া বাহন ৷

আবদ্ধ ৰোগী কঢ়িওৱা বাহন
আবদ্ধ ৰোগী কঢ়িওৱা বাহন

নুমলীগড়, 6 মাৰ্চঃ গোলাঘাটৰ নুমলীগড়ৰ অন্তৰ্গত বৰগৰীয়া অঞ্চলৰ এটা জৰাজীৰ্ণ পথ ৷ এই পথটোৰ বাবে প্ৰতিদিনেই বিপদসংকুলভাৱে দিন কটাইছে স্থানীয় লোকে ৷ দুৰ্ভোগ ভুগিবলগীয়া হৈছে শাৰীৰিকভাৱে অসুস্থ লোকেও ৷ পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যোৱাৰ পথত বহু সময় বোকাময় পথত আবদ্ধ হৈ ৰ'বলগীয়া হ'ল এখন ৰোগী কঢ়িয়াই নিয়া বাহন ৷ অৱশেষত নিৰুপায় হৈ গাঁৱৰ মহিলা পুৰুষ সকলো ওলাই আহি ঠেলি উলিয়াবলগীয়া হ'ল বাহনখন ৷

নুমলীগড়ৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথ

উল্লেখ্য যে, কেইবাদিনো স্থানীয় লোকসকলে এই পথটোৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও, তেওঁলোকৰ কথাত বৰ্তমানলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই কৰ্তৃপক্ষই ৷ যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে নুমলীগড়ৰ ৰজাবাৰী,মুৰফুলনী,ফুলবাৰী,ফলঙনী আদি অঞ্চলৰ লোকসকলে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰিহে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহত ভিৰ কৰেহি একাংশ জনপ্ৰতিনিধিয়ে ৷

লগতে পঢ়কঃ ৰোগত আক্ৰান্ত ঐতিহ্য মণ্ডিত নাগশংকৰ দেৱালয়ৰ দুষ্প্ৰাপ্য কাছসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.