গোলাঘাট, 13 আগষ্টঃ গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানীত সোমবাৰে পুৱা সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা বিতুল গগৈ নামৰ লোক জনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷ ঘটনা অনুসৰি, সোমবাৰে লোকজনে পত্নীৰ সৈতে শাক পাচলি সংগ্ৰহৰ বাবে নাৱেৰে ধনশিৰি নদীত গৈ থকা অৱস্থাত হঠাতে পত্নী নদীত পৰি গৈছিল আৰু তাৰ পাছতেই পত্নীক উদ্ধাৰ কৰিবলৈ গৈ বিতুল নদীত সন্ধানহীন হৈ পৰে ৷ দুৰ্ঘটনাটোৰ খবৰ পাই তাৎক্ষণিক ভাৱে স্থানীয় লোকে বৰপথাৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ লোকক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ লোক উপস্থিত হৈ সন্ধানহীন লোকজনক সন্ধানত অভিযান চলাইছিল যদিও সফল হোৱা নাছিল ৷ আনহাতে মঙলবাৰে পুৱা প্ৰায় 9.30 বজাত টেঙানীৰ এজন স্থানীয় ব্যক্তিয়ে মৃতদেহটো ধনশিৰি নদীত উটি অহা দেখি স্থানীয় ৰাইজক খবৰ দিয়ে আৰু লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷
নাও দুৰ্ঘটনাত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ - ধনশিৰি মহকুমা
গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানীত সোমবাৰে পুৱা সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা বিতুল গগৈৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ
গোলাঘাট, 13 আগষ্টঃ গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ বৰপথাৰৰ টেঙানীত সোমবাৰে পুৱা সংঘটিত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা বিতুল গগৈ নামৰ লোক জনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷ ঘটনা অনুসৰি, সোমবাৰে লোকজনে পত্নীৰ সৈতে শাক পাচলি সংগ্ৰহৰ বাবে নাৱেৰে ধনশিৰি নদীত গৈ থকা অৱস্থাত হঠাতে পত্নী নদীত পৰি গৈছিল আৰু তাৰ পাছতেই পত্নীক উদ্ধাৰ কৰিবলৈ গৈ বিতুল নদীত সন্ধানহীন হৈ পৰে ৷ দুৰ্ঘটনাটোৰ খবৰ পাই তাৎক্ষণিক ভাৱে স্থানীয় লোকে বৰপথাৰ আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ লোকক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ লোক উপস্থিত হৈ সন্ধানহীন লোকজনক সন্ধানত অভিযান চলাইছিল যদিও সফল হোৱা নাছিল ৷ আনহাতে মঙলবাৰে পুৱা প্ৰায় 9.30 বজাত টেঙানীৰ এজন স্থানীয় ব্যক্তিয়ে মৃতদেহটো ধনশিৰি নদীত উটি অহা দেখি স্থানীয় ৰাইজক খবৰ দিয়ে আৰু লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷
Conclusion:সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম