গোলাঘাট, 27 জুলাই : ক’ভিড-19 বক্স হিচাপে পৰিণত হৈছে গোলাঘাট কাৰাগাৰ । সোমবাৰে গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আৰু কৰ্মচাৰীসহ মুঠ 117 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷
উল্লেখ্য যে, জিলা কাৰাগাৰৰ ভিতৰত কয়দীসকলে সচেতনতা অৱলম্বন নকৰাৰ ফলত দ্ৰুতগতিত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য কৰ্মীয়ে । কাৰাগাৰৰ 242 গৰাকী কয়দী আৰু কৰ্মচাৰী শ্বাৱ পৰীক্ষাৰ অন্তত 117 গৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে বুলি স্বাস্থ্য কৰ্মীয়ে সদৰি কৰে । লগতে, 500ৰো অধিক কয়দীৰ শ্বাৱ পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে ।
আনহাতে, পজিটিভ ৰোগীৰ বাবে কাৰাগাৰৰ ভিতৰতে কোভিড কেয়াৰ চেণ্টাৰৰ ব্যৱস্থা কৰিছে গোলাঘাট প্ৰশাসনে । সম্প্ৰতি জিলাখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 1329 গৰাকীলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক : বৰপেটা জিলা কাৰাগাৰত কৰ’ণাৰ গণ সংক্ৰমণ!