গোলাঘাট, 10 ফেব্ৰুৱাৰী : 'প্ৰাক্তন কংগ্ৰেছী নেত্ৰী অজন্তা নেওগ এগৰাকী দুৰ্বল নেত্ৰী । ন বিজেপি অজন্তা নেওগক বিজেপিও আদৰি নলয় কংগ্ৰেছেও আদৰি নলয় । এইবাৰ খুমটাই বিধানসভা সমষ্টিত গুণ্ডামী ৰাজনীতিৰ আশ্ৰয় লোৱা বৰ্তমানৰ বিধায়ক মৃনাল শইকীয়াক ওফৰাব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ।'
গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ পদুমণিত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাই আৰু মীৰা বৰঠাকুৰে । ইতিমধ্যে খুমটাই সমষ্টিত দলীয় বুথ পৰ্যায়ৰ সভাৰ যোগেদি নিৰ্বাচনীক ৰণডংকা বজালে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ।
উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত খুমটাই বিধানসভা সমষ্টিৰ পৰা বিস্মিতা গগৈয়ে মহাজোঁটৰ হৈ প্ৰাৰ্থীত্ব লাভ কৰাতো নিশ্চিত হৈ পৰিছে ৷ সমষ্টিটোত সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্য আজিৰ এই সভা অনুষ্ঠিত কৰা হয় ৷
সভাত ছত্তিশগড়ৰ কংগ্ৰেছ নেতা গোলাম কাম্বো আৰু অলক চন্দ্ৰ কাৰ, কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, সুশান্ত বৰগোঁহাই, মীৰা বৰঠাকুৰ, ভুপেন বৰা, বিজয় চমৰীয়া আদি উপস্থিত থাকে ।
লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ