ETV Bharat / state

নেপীয়াৰ ঘাঁহৰ থোৰ-কেঁচু সাৰ বিক্ৰীৰে চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয় - কেঁচু সাৰ

আৰ্থিক দিশত ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বন কৰাৰ উদ্দেশ্যে শিক্ষা প্ৰদান কৰা হৈছে ৰাজ্যৰ এখন মহাবিদ্যালয়খনত ৷ শেহতীয়াকৈ এক লাখ নেপীয়াৰ ঘাঁহৰ থোৰ আৰু এক কুইণ্টল কেঁচু সাৰ বিক্ৰী কৰি চৰ্চালৈ আহিছে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ৷

চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয়
চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয়
author img

By

Published : Apr 23, 2022, 2:19 PM IST

বোকাখাত, 23 এপ্ৰিল : ব্যতিক্ৰমী কাৰ্যৰে চৰ্চাত ৰাজ্যৰ এখন বিশেষ মহাবিদ্যালয় ৷ কেৱল শৈক্ষিক দিশতে নহয়, আৰ্থিক দিশত ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বন কৰাৰ উদ্দেশ্যে শিক্ষা প্ৰদান কৰা হৈছে মহাবিদ্যালয়খনত ৷ শেহতীয়াকৈ এক লাখ নেপীয়াৰ ঘাঁহৰ থোৰ আৰু এক কুইণ্টল কেঁচু সাৰ বিক্ৰী কৰি চৰ্চালৈ আহিছে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ৷

বিগত 2015 বৰ্ষৰে পৰা মহাবিদ্যালয়খনৰ বাকৰিত এডৰা ঘাঁহৰে সৈতে এই খেতি পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল ৷ তৃণভোজী প্ৰাণীৰ প্ৰিয় খাদ্য এই নেপীয়াৰ ঘাঁহৰ আছে বহু গুণাগুণ ৷ জৈৱিক ইন্ধন প্ৰস্তুত কৰাৰ বিশেষ ক্ষমতা থকা এই নেপীয়াৰ ঘাঁহৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে JDSG মহাবিদ্যালয় ৷

কাৰণ বোকাখাতৰ কাষতে থকা নুমলীগড় শোধনাগাৰে শীঘ্ৰেই আৰম্ভ কৰিবলগীয়া জৈৱিক ইন্ধন (Bio Fuel) ৰ প্ৰকল্পত নিতান্তই প্ৰয়োজন হ'ব এইবিধ নেপীয়াৰ ঘাঁহ ৷ বোকাখাতৰ লেতেকুজান চাহ বাগিচাই শেহতীয়াকৈ মহাবিদ্যালয়খনৰ পৰা ক্ৰয় কৰিছে নেপীয়াৰ ঘাঁহৰ এক লাখ টকাৰ প্ৰথম কিস্তিৰ ঘাঁহৰ থোৰ ৷

চৰ্চাত বোকাখাতৰ এখন মহাবিদ্যালয়

সমান্তৰালকৈ মহাবিদ্যালয়খনে নিজাববীয়াকৈ উৎপাদন কৰিছে কৃষি কাৰ্যৰ বাবে অত্যন্ত লাভজনক কেঁচু সাৰ ৷ ইতিমধ্যে প্ৰায় এক কুইণ্টল কেঁচু সাৰ বজাৰলৈ বিক্ৰীৰ বাবে উলিয়াই দিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু জ্যেষ্ঠ প্ৰৱক্তা ড৹ বিজয় শৰ্মাৰ তত্বাৱধানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এই কৃষি কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সুযোগ লাভ কৰিছে ৷

মহাবিদ্যালয়খনে চলিত বৰ্ষত প্ৰায় 7 লক্ষাধিক মূল্যৰ নেপীয়াৰ ঘাঁহৰ থোৰ বিক্ৰী কৰাৰ বাবে কেইবাখনো চাহ বাগিচাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে ৷ মহাবিদ্যালয়খনৰ এনে পদক্ষেপ সচেতন মহলৰ দ্বাৰা প্ৰশংসিত হৈছে ৷

লগতে চাওক: Karmashree Awards 2022 : কলিয়াবৰৰ প্ৰাক্তন মহকুমাধিপতি বিতোপন নেওগলৈ কৰ্মশ্ৰী বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.