বোকাখাত, 23 নৱেম্বৰ : প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(Chandra Nath Bezbaruah College)ত ৷ এগৰাকী প্ৰবক্তাই ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়া বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ পাছতে মঙলবাৰে অভিযুক্ত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম ছাত্ৰ পৰিষদে (Protest of Asom Chatra Parishad) ৷
অসম ছাত্ৰ পৰিষদ(Asom Chatra Parishad)ৰ বোকাখাত জিলা সমিতিয়ে অশ্লীল মেছেজৰ বিষয়টোত নাম সাঙুৰ খাই পৰা প্ৰবক্তা আফ্তাফিজুৰ ৰহমানক বৰ্খাস্তৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়ৰ চৌহদত । মহাবিদ্যালয়খনৰ ইংৰাজীৰ বিভাগৰ প্ৰবক্তা ৰহমানে অশ্লীল মেছেজ দিয়া বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষক তথ্য সহকাৰে অভিযোগ দাখিল কৰিছিল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে ৷
মনকৰিলগীয়া যে, মহাবিদ্যালয়ৰ আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে অশ্লীল মেছেজেই নহয়, অনলাইন ক্লাছত অকলে নাচিবলৈ দিয়া আদিও অভিযোগ উত্থাপন কৰিছে প্ৰবক্তা আফ্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে । সমানন্তৰালভাৱে মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ বিপৰীতে সমগ্ৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰী সকলে ৷
উল্লেখ্য যে, বিষয়টোক লৈ মহাবিদ্যালয়ৰ বাহিৰে ভিতৰে হোৱা প্ৰতিবাদৰ ফলশ্ৰুতিতে আফ্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷ মঙলবাৰে সাংবাদিকৰ আগত তেওঁ কয়, বিষয়টোক লৈ আলোচনা কৰি থকা হৈছে ৷ অভিযোগৰ ভিত্তিত প্ৰবক্তা গৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, তাৰ ওপৰত অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷
লগতে পঢ়ক: ছাত্ৰীলৈ অশ্লীল মেছেজ অধ্যাপকৰ ; উত্তাল প্ৰতিবাদ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ