গোলাঘাট, 6 ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন । অধিৱেশনৰ দ্বিতীয় দিনটোত সাহিত্য শাখাৰ মুকলি সভাত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰাৰ লগতে কেইবাজনো বিধায়ক ।
সমান্তৰালকৈ সাহিত্য শাখাৰ এই মুকলি সভাত কাশী বিশ্ববিদ্যালয়ৰ অধ্যাপক গৱেষক ড০ দীনবন্ধু পাণ্ডে, উৰিষ্যাৰ পুৰীৰ বিশিষ্ট গৱেষক বাণীভূষণ শাস্ত্ৰী আৰু উত্তৰ প্ৰদেশ এচ এম পাণ্ডেৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুজনাক উদ্দেশ্যি ভাষণ ৰখাৰ লগতে শংকৰদেৱ সংঘৰ আদৰ্শ আৰু ধৰ্মীয় জাগৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।
শংকৰদেৱ সংঘই গুৰুজনাৰ নামেৰে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা এই পদক্ষেপকো আদৰণি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে । গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনৰ বাবে 300 বিঘা ভূমি আৱন্টন দিয়াৰ লগতে সংঘৰ কৰ্পাছ ফাণ্ডলৈ এককালীন 10 কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
লগতে পঢ়কঃ যোৰহাটত সম্পন্ন বৃটিছ পর্যটকৰ শেষকৃত্য
ইয়াৰোপৰি প্ৰথমবাৰৰ বাবে ২৬ ছেপ্টেম্বৰত চৰকাৰীভাৱে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২ সংখ্যক আৱিৰ্ভাৱ তিথি অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ লগতে ৰাইজৰ সহযোগিতা বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীক অন্ধবিশ্বাস দূৰ কৰাৰ বাবে গুৰুজনাৰ আদৰ্শৰ মাজেৰে চলি যাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷ আনহাতে ৰাজ্যপাল জগদীশ মুখীয়ে সৰ্বপ্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ চৰণত প্ৰাৰ্থনা জনাই ভাষণ প্ৰদান কৰে।