ETV Bharat / state

উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে সমাপ্ত ষট পূজা - দৈগ্ৰোং নদী

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো পালন কৰা হৈছে ষট পূজা ৷ জিলাখনৰ কানাইঘাট, লৱণঘাট, দৈগ্ৰোং নদীৰ পাৰত সম্পন্ন হয় ষট পূজা ৷ সম্পূৰ্ণ তিনিদিন ব্ৰতত থাকি তিনিদিনৰ অন্তত শুক্লা ষষ্ঠী তিথিত মনোবাঞ্ছা পূৰণৰ অৰ্থে পানীত নামি উদিত সূৰ্য দেৱতাক প্ৰণাম কৰে ভক্তসকলে ৷

chatt puja celebration in golaghat assam etv bharat news
ষট পূজা
author img

By

Published : Nov 21, 2020, 3:08 PM IST

গোলাঘাট,21 নৱেম্বৰ : শনিবাৰে সূৰ্যক অৰ্ঘ প্ৰদান কৰাৰ পিছতে সামৰণি পৰে শ্ৰীশ্ৰী সূৰ্যষষ্ঠী ব্ৰত পূজাৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গোলাঘাটতো দেখা যায় সূৰ্যক আৰাধনাৰ বাবে সমবেত হোৱা ভক্তৰ সমাগম ৷ শুকুৰবাৰ-শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ষট পূজা ৷ বিশেষভাৱে এই উৎসৱ হিন্দীভাষী লোকসকলৰ মাজত প্ৰচলিত ৷ উদয় হোৱা আৰু অস্ত যোৱা সূৰ্যক নমন কৰা একমাত্ৰ উৎসৱ হৈছে এই ষট পূজা ৷

ষট পূজা উপলক্ষে ভক্তগণৰ মাজত উছাহ

শুকুৰবাৰে নৈৰপাৰৰ পৰা ঘৰমুখী হোৱাৰ পিছত শনিবাৰে পুৱা পুনৰ নৈৰ পাৰলৈ আহি উদিত সূৰ্যক আৰাধনা কৰে ভক্তসকলে ৷ গোলাঘাটৰ নুমলীগড়ৰ কালিয়নী নদীৰ কানাইঘাটতো ষট পূজাৰ ব্যাপক আয়োজন কৰা হয় ৷ লগতে লৱণঘাট, দৈগ্ৰোং নদীৰ পাৰতো সম্পন্ন হয় ষট পূজা ৷ সম্পূৰ্ণ তিনিদিন ব্ৰতত থাকি তিনিদিনৰ অন্তত শুক্লা ষষ্ঠী তিথিত মনোবাঞ্ছা পূৰণৰ অৰ্থে পানীত নামি উদিত সূৰ্য দেৱতাক প্ৰণাম কৰে ভক্তসকলে ৷

chatt puja celebration in golaghat assam etv bharat news
ষট পূজাৰ সামৰণি

উল্লেখ্য যে, প্ৰকৃতিৰ সৈতে সম্পৰ্কিত এই পূজাত প্ৰতিগৰাকী ভক্তই কঠোৰভাৱে পালন কৰে নিয়ম ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি পালন কৰা হয় ষট পূজা ৷

লগতে চাওকঃ বিপিএফৰ পাছত গণ শক্তিক বিদায় বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.