ETV Bharat / state

চৰকাৰ নাই, সেয়েহে ব্যক্তিগত পুঁজিৰে নিৰ্মাণ ৰাজপথ ! - ব্যৱসায়ী

পথৰ মাজত সৃষ্টি হোৱা দ দ গাঁতত থকা বোকা মাটি সমূহ যন্ত্ৰৰ দ্বাৰা খান্দি আঁতৰাই পুনৰ তাত চেণ্ড গ্ৰেভেল দি পথৰ মেৰামতি কৰে ব্যৱসায়ী গৰাকীয়ে ৷

ব্যৱসায়ীয়ে মেৰামতি কৰিলে বৰপথাৰৰ পথ
author img

By

Published : May 30, 2019, 2:58 PM IST

সৰুপথাৰ , 30 মে': ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ মাজেৰে যোৱা ৰেংমা আলিপথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ পথটো যাতায়তৰ বাবে অনুপযোগী হৈ উঠিছিল ৷ সেয়ে বৰপথাৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীয়ে পথটো মেৰামতিৰ বাবে আগবাঢ়ি আহে ৷

ব্যৱসায়ীয়ে মেৰামতি কৰিলে বৰপথাৰৰ পথ

বৰপথাৰ নগৰস্থিত এক নং ৱাৰ্ডৰ বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মূখৰ ৰাষ্টাটোৰ প্ৰায় দুশ মিটাৰ জৰাজীৰ্ণ অৱস্থাত আছে ৷ উৰিয়ামঘাটৰ পৰা অত্যাধিক ওজনৰ শিল, চেণ্ড গ্ৰেভেল আদি কঢ়িয়াই অনা ডাম্পাৰসমূহ এই পথেদি চলাচল কৰি অহাৰ বাবেই পথটোৱে দিনক দিনে বিধস্ত ৰূপ লৈছিল ৷ ইপিনে গড়কাপ্টানী বিভাগ আৰু বৰপথাৰ নগৰ সমিতিয়ে পথটোৰ কোনো মেৰামতি নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছিল ৷ ইয়াৰোপৰিও বিভিন্ন দল সংগঠনে বাৰম্বাৰ গড়কাপ্টানী বিভাগ তথা নগৰ সমিতিক অনুৰোধ কৰাৰ পাচতো কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ সেয়ে বৰপথাৰৰ এজন ব্যৱসায়ী প্ৰদীপ বৰবৰায়ে সম্পূৰ্ণ নিজা খৰচত প্ৰায় 40 ডাম্পাৰ চেণ্ড গ্ৰেভেলৰে পথটো যাতায়তৰ বাবে সূচল কৰি তোলে ৷ পথৰ মাজত সৃষ্টি হোৱা দ দ গাঁতত থকা বোকা মাটি সমূহ যন্ত্ৰৰ দ্বাৰা খান্দি আঁতৰাই পুনৰ তাত চেণ্ড গ্ৰেভেল দি পথৰ মেৰামতি কৰে ব্যৱসায়ীগৰাকীয়ে ৷ সৰুপথাৰ গড়কাপ্টানী(গ্ৰাম্য) পথ সংমণ্ডলৰ অধীনৰ বৰপথাৰ-উৰিয়ামঘাট সংযোগী ৰেংমা আলিটোৰ বিধস্ত অংশ , ব্যৱসায়ী প্ৰদীপ বৰবৰাই নিজা খৰচত মেৰামতি কৰি দিয়াত ৰাইজে সন্তোষ লাভ কৰিছে |

Intro:ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ মাজেৰে যোৱা ৰেংমা আলিৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ বাবে যাতায়তৰ অনুপযোগি হোৱাত পথটি মেৰামতিৰ বাবে আগবঢ়ি আহিল বৰপথাৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী । বৰপথাৰ নগৰৰ এক নং ৱাৰ্ডৰ বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মূখৰ ৰাষ্টাটোৰ প্ৰায় দুশ মিটাৰ অতি বিধ্বস্ত হৈ পৰাত গঢ়কাপ্টানী বিভাগ বা বৰপথাৰ নগৰ সমিতিয়ে কোনো মেৰামতি কৰি নিদিয়াত ৰাইজ ক্ষুব্ধ হৈ পৰিছিল আৰু বিভিন্ন দল সংগঠনে বাৰম্বাৰ গঢ়কাপ্টানী বিভাগ,নগৰ সমিতিক অনুৰোধ কৰাৰ পাচতো কোনো পদক্ষেপ নোলোৱাত বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰায়ে নিজা খৰচত প্ৰায় ৪০ ডাম্পাৰ চেণ্ড গ্ৰেভেল দি যাতায়তৰ সূচল কৰি তোলে | Body:পথৰ মাজত সৃষ্টি হোৱা দ দ গাতত থকা বোকা মাটি সমূহ যন্ত্ৰৰ দ্বাৰা খান্দি আঁতৰাই পুনৰ তাত চেণ্ড গ্ৰেভেল দি পথৰ মেৰামতি কৰে ব্যৱসায়ী গৰাকীয়ে । সৰুপথাৰ গঢ়কাপ্টানী(গ্ৰাম্য) পথ সংমণ্ডলৰ অধীনৰ বৰপথাৰ-উৰিয়ামঘাট সংযোগী ৰেংমা আলিটোৰ বিধস্ত অংশ ব্যৱসায়ী প্ৰদীপ বৰবৰাই নিজা খৰচত মেৰামতি কৰি দিয়াত ৰাইজে সন্তোষ লাভ কৰিছে | উল্লেখ্য যে, উৰিয়ামঘাটৰ পৰা অত্যাধিক ওজনৰ শিল,চেণ্ড গ্ৰেভেল আদি কঢ়িয়াই অনা ডাম্পাৰসমূহ এই পথেদি চলাচল কৰি অহাৰ বাবেই পথৰ অৱস্হা দিনক দিনে বিধস্ত ৰূপ লৈছিল |
Conclusion:Byte :- prodip Borbora
Byte :- Town commiti employ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.