ETV Bharat / state

KULA cader detain, বোকাখাতত আৰক্ষীৰ জালত KULA ৰ সদস্য - সশস্ত্ৰ সংগঠন কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মি

বোকাজান আৰক্ষীৰ আন এক সফলতা ৷ বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে আটক কৰে উগ্ৰপন্থী সংগঠন KULA ৰ এজন কেডাৰক (Bokakhat police detain KULA cader) ৷ আটকাধীন কেডাৰজন হৈছে বৰপথাৰ থানাৰ অন্তৰ্গত জপৰাজান পুৰণা হাঞ্চে গাঁৱৰ জয়চন জিছিং ৰেংমা (54) ৷

KULA cader detain
বোকাখাতত আৰক্ষীৰ জালত KULA ৰ সদস্য
author img

By

Published : Aug 12, 2022, 6:53 PM IST

Updated : Aug 13, 2022, 11:48 AM IST

ডিফু, 12 আগষ্ট : কাৰ্বি আংলঙত নতুনকৈ আত্মপ্ৰকাশ কৰা সশস্ত্ৰ সংগঠন কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মি চমুকৈ কে ইউ এল এ (KULA) ৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান । বিগত দিনকেইটাত আৰক্ষীয়ে চলোৱা অভিযানত সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ লগতে কেইবাজনো সদস্য আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে ৷ এনে সময়তে বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই সংগঠনটোৰ আন এজন সদস্যক আটক কৰাৰ তথ্য লাভ কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম আৰু বকলীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বোকাজানত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে উগ্ৰপন্থী সংগঠনটোৰ এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয় (Bokakhat police detain KULA cader) ।

লগতে পঢ়ক : ডিব্ৰুগড়ত অস্ত্ৰশস্ত্ৰসহ আত্মসমৰ্পণ আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ

আটকাধীন ধৃত উগ্ৰপন্থীটো বৰপথাৰ থানাৰ অন্তৰ্গত জপৰাজান পুৰণা হাঞ্চে গাঁৱৰ জয়চন জিছিং ৰেংমা (54) বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে, উগ্ৰপন্থী সংগঠনটোৰ সৈতে জড়িত ৰেংমা কংগ্ৰেছ দলৰো নেতা বুলি জানিব পৰা গৈছে । অলপতে আয়োজিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে জয়চন জিছিং ৰেংমাক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

অৱশ্যে, নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল সম্প্ৰতি উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈছে আৰক্ষীৰ জিম্মাত থকা জয়চন জিছিং ৰেংমা ৷ এই অভিযোগ আৰক্ষী বোকাজান আৰক্ষীৰ ৷ ইফালে, কংগ্ৰেছ দলৰ এগৰাকী নেতা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

আনহাতে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে । সামাজিক মাধ্যম যোগে নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপাধ্যক্ষগৰাকীয়ে এয়া অতি লজ্জাজনক বুলি মন্তব্য কৰে ৷ লগতে কংগ্ৰেছ দলে যে কাৰ্বি আংলঙত শান্তি নিবিচাৰে সেয়া পুনৰবাৰ প্ৰমাণিত হোৱা বুলি কটাক্ষ কৰে অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক : ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল নগা উগ্ৰপন্থী সংগঠনৰ কেডাৰ

Last Updated : Aug 13, 2022, 11:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.