ETV Bharat / state

চমুৱা গাঁওলৈ গৌৰৱ কঢ়িয়ালে অভিষেকে - HSLC Results

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সংগীত বিষয়ত লেটাৰসহ 60 শতাংশ নম্বৰেৰে উজলি উঠিল চমুৱা গাঁওৰ অভিষেক বৰা নামৰ অন্ধ শিক্ষাৰ্থীগৰাকীয়ে ৷

চমুৱা গাঁওলৈ গৌৰৱ কঢ়িয়ালে অভিষেকে
author img

By

Published : May 18, 2019, 6:56 PM IST

গোলাঘাট, 18 মেঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংগীত বিষয়ত লেটাৰসহ 60 শতাংশ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে গোলাঘাটৰ চমুৱা গাঁওৰ অন্ধ শিক্ষাৰ্থী অভিষেক বৰাই ৷ জন্মৰ পৰাই দুচকুৰে দেখা নোপোৱা শিক্ষাৰ্থীগৰাকীৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে গাঁওবাসী ৰাইজ ৷

চমুৱা গাঁওলৈ গৌৰৱ কঢ়িয়ালে অভিষেকে

পঢ়া-শুনাৰ লগতে সংগীতত ৰাপ থকা অভিষেকে সুন্দৰকৈ বজাব পৰা ঢোলকে ধৰি হাৰমনিয়াম আদি বাদ্যযন্ত্ৰ ৷ নিজৰ ফলাফলক লৈ খুবেই সুখী অভিষেকে যোৰহাট অন্ধ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এইদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Golaghat 18.05.2019
slug : as_glt_blind student success_vis_byte_7205572
O.C. : বহু ছাত্র ছাত্ৰীয়ে তেওঁৰ অতিকৈ আদৰৰ নয়ন জুৰি থকাৰ পাছতো পিতৃ মাতৃৰ আশা পুৰণ কৰাত ব্যৰ্থ হয়। চকুৰে সকলো দেখিও অন্ধ হৈ পৰে সেই সকল। কিন্তু জন্মতেই দৃষ্টিশক্তি হেৰুৱাই এই পৃথিৱীত ভৰি দিয়া গোলাঘাট জিলাৰ কাকডোঙাৰ অভিষেক বৰাই পিতৃ মাতৃৰ লগতে স্থানীয় লোকৰ আশা পুৰণ কৰিবলৈ সক্ষম হল। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰ সহ 60 শতাংশ নম্বৰেৰে উজ্বলি উঠিল অভিষেক।
V.O. : সজল নয়ন যুৰি থকাৰ পাছতো একাংশই যি কাম কৰিব নোৱাৰে, সকলো দেখিও যি নেদেখাৰ দৰে হৈ পৰে তেনে সময়ত গোলাঘাটৰ অভিষেক বৰাই গোলাঘাটলৈ কঢ়িয়াই আনিলে গৌৰৱ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোলাঘাট জিলাৰ কাকডোঙা চমুৱা গাওঁৰ অন্ধ শিক্ষাৰ্থী অভিষেক বৰাই Music বিষয়ত লেটাৰ সহ 60 শতাংশ নম্বৰেৰে উজ্বলি উঠিল। অভিষেকৰ পিতৃ তৰুণ চন্দ্ৰ বৰা এগৰাকী প্ৰাক্তন শিক্ষক আৰু মাতৃ অনিমা বৰা এগৰাকী সু গৃহিনী। মাতৃয়ে সন্তান অভিষেকক যত্ন লোৱাৰ বাবেই আধাতেই বিসৰ্জন দিছিল চৰকাৰী চাকৰি আৰু তাৰেই সুফল লাভ কৰিবলৈ সক্ষম হল পিতৃ মাতৃ । অভিষেকে অধ্যয়নৰ সমানে সুন্দৰকৈ ঢোল , তবলা , হাৰমণিয়াম বজাব পাৰে, সুন্দৰ গানো গাই । কিন্তু অসুখৰ বাবে বৰ্তমান গান গোৱা বন্ধ ৰাখিছে। অভিষেকৰ সাফল্যত আনন্দিত সমগ্ৰ জিলা বাসী। যোৰহাট অন্ধ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছজন ছাত্ৰৰ ভিতৰত গোলাঘাট জিলাৰ একমাত্ৰ ছাত্ৰ আছিল অভিষেক। এতিয়া উচ্চ শিক্ষাৰ বাবে যাব অভিষেক। 
Byte অভিষেক বৰা
V.O. : অভিষেকৰ দুচকুলৈ দৃষ্টি ঘুৰাই আনিবৰ বাবে পিতৃ মাতৃয়ে বহু চেষ্টা কৰিলে। কিন্তু চিকিৎসকে দৃষ্টি ঘুৰি নাহিব বুলি কোৱাত সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আগবাঢ়িল পিতৃ মাতৃ।
Byte_পিতৃ, মাতৃ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.