ETV Bharat / state

Bhogali Bihu Preparation at Barpathar : পদূলিত ভোগালী... বৰপথাৰবাসীৰ তত নাই গাত

author img

By

Published : Jan 9, 2022, 11:50 AM IST

কৰ’ণা পৰিস্থিতিৰ মাজতো ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী (Preparations for the Bhogali Bihu in Assam) । ভোগালীক আদৰিবলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে বৰপথাৰবাসী (Bhogali bihu preparation at Borpathar) ৷

bhogali-bihu-preparations-at-borpathar
ভোগালীক আদৰিবলৈ বৰপথাৰবাসী ব্যাপক প্ৰস্তুতি

সৰুপথাৰ, 9 জানুৱাৰী : ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক'ভিডৰ সংহাৰ (Covid pandemic in Assam) । যাৰ বাবে ঘোষণা কৰা হৈছে ক'ভিডৰ নতুন SOP ৷ তাৰ মাজতো ভোগৰ বতৰ হিচাপে বিবেচিত হৈ অহা এই সময়চোৱাৰ অন্যতম উৎসৱ মাঘ বিহু বা ভোগালী বিহুক আদৰাৰ বাবে এতিয়া ৰাজ্যজুৰি ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে (Preparations for the Bhogali Bihu in Assam) ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপথাৰতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি (Bhogali bihu preparation at Borpathar) । গোলাঘাটৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত বৃহত্তৰ বৰপথাৰত 6 খনকৈ গাঁৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি একেলগে চেনেহৰ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ অঞ্চলটোত বসবাস কৰা আহোম, চুতীয়া, আদিবাসী, শ্যাম, নেপালী সকলো সম্প্ৰদায়ৰ ৰাইজে ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম ।

কাষৰীয়া অঞ্চলৰ ৰাইজ একত্ৰিত হৈ এখন নিভাঁজ অসমীয়া গাঁৱৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ আৰ্হিত বৰ্তমান নিৰ্মাণ কৰাত ব্যস্ত 50 ফুটৰো অধিক উচ্চতাৰ এটা ভেলাঘৰ । এই ভেলাঘৰটোত প্ৰতিফলিত হ'ব চহা গ্ৰাম্য জীৱনৰ প্ৰতিটো সমল ।

পদূলিত ভোগালী... বৰপথাৰবাসীৰ তত নাই গাত

তদুপৰি মাঘৰ মেজিৰ তলত হাঁহে-মাহে উদৰ পূৰাই এসাঁজ খাবলৈ অধিক আশাৰে বাট চাই আছে সকলোৱে ৷ ইপিনে ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰাৰ লগতে অনুষ্ঠিত কৰা যাব সাংস্কৃতিক অনুষ্ঠান ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱকেইখনৰ ৰাইজ একত্ৰিত হৈ উঠি-পৰি লাগিছে ভোগালীৰ প্ৰস্তুতিক লৈ ৷ ভেলাঘৰটোৰ বাকৰিত নৃত্য-গীতেৰে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে গাঁৱখনৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰীসকলে ৷

লগতে পঢ়ক : PSO withdrawal in Assam: সকলো SPৰ পৰা বিতং তালিকা বিচাৰিলে গৃহ বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.