গোলাঘাট,5 মে’ঃ গোলাঘাটৰ শান্তিপুৰত এসাঁজ গৰম ভাতক কেন্দ্ৰ কৰি এক ঘটনা সংঘটিত হয় ৷ মানৱতাৰ চৰম সীমা অতিক্ৰম কৰি এজন যুৱকে মাতৃ আৰু আইতাকক দাৰে আক্ৰমণ কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা শান্তিপুৰত ৯০ বছৰীয়া বৃদ্ধা চম্পা সৰকাৰ আৰু মাতৃ চালমি দাসক গৰম ভাত খাবলৈ নোপোৱাৰ বাবে দাৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাই ৰিংকু দাস নামৰ এজন যুৱকে ৷ মাতৃৰ ভাষ্য অনুসৰি সুৰাপায়ী পুত্ৰই গৰম ভাত খাবলৈ নোপোৱাৰ বাবে আক্ৰমণ কৰে মাতৃক ৷
সম্প্ৰতি, যুৱকজনৰ মাতৃ-আইতাক কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে পলাতক অৱস্থাত আছে আক্ৰমণকাৰী ৰিংকু দাস ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷
লগতে চাওকঃ নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ !