ETV Bharat / state

গোলাঘাটত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থা

অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে l

assu protest at golaghat
গোলাঘাটত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 7, 2020, 4:26 PM IST

গোলাঘাট, 7 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ মূল্য ৷ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ গোলাঘাট জিলাতো ছাত্ৰ সন্থাৰ সদস্য সকলে চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে প্ৰতিবাদকাৰী সকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাঁহী-বাটি বজোৱাৰ লগতে আলু-পিয়াঁজৰ মালা পিন্ধি ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই ৷ প্ৰতিবাদী সমদলটোৱে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰে ।

তাৰোপৰি, বিধায়ক প্ৰশান্ত ফুকনক পিয়াঁজৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৰা তুলুঙা মন্তব্যক লৈও কৰিলে ক্ষোভ প্ৰকাশ ৷ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সদস্য সকলে অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই, যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীক দাবী জনালে প্ৰতিবাদকাৰী সকলে ৷ যদি মূল্যবৃ্দ্ধি ৰোধ নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.