গোলাঘাট, 25 আগষ্টঃ ৰাজ্যত ক'ভিড- ১৯ ৰ সংহাৰৰ মাজতেই পুনৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিল দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ঠিক একেদৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে গোলাঘাটতো দুটাকৈ সংগঠনে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ ৷
গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট নগৰৰ মাজেৰে বৃহৎ বাইক ৰেলী উলিয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই বাইক ৰেলী বাহিৰ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ অতি শীঘ্ৰে এই জনবিৰুধী আইন চৰকাৰক বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
ইফালে নাগৰিকত্ব সংশোধনী আইন আৰু EIA- ২০২০ বিধেয়ক বাতিল কৰা দাবীত গোলাঘাটত আহোম সেনা গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। সংগঠনটোৱে কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰক বিভিন্ন সমালোচনা কৰি পৰিৱেশ উত্তাল কৰি তোলে। অতি শীঘ্ৰে এই নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 খচৰা বাতিল কৰিবলৈ চৰকাৰক দাবী জনাই আহোম সেনাৰ সদস্য সকলে । নহ'লে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলি বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক- গোলাঘাটত কৰ'ণাত আক্ৰান্ত হৈ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু